
গুৱাহাটী,০৭ মাৰ্চ (হি.স.)। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আৰু গণেশগুৰি আঞ্চলিক সমিতিৰ সহযোগত অহাকালি ৮ মাৰ্চ ২০২৬ ইং তাৰিখে উলহ-মালহেৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হ’ব । দিশপুৰ চুপাৰ মাৰ্কেটস্থিত শংকৰদেৱ মাধৱদেৱ সেৱা সংঘৰ বাকৰিত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসটি পালনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ।
দিৱটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক বিজন বায়নদেৱ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পাৰিজাত ভূঞা, জিলা উন্নয়ন আয়ুক্ত, কামৰূপ মহানগৰ, সংগীতা নাজিৰ দত্ত, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম, অন্তৰা গগৈ, সদস্য সচিব, অসম ৰাজ্যিক মহিলা আয়োগ । সম্বৰ্ধনা অনুষ্ঠানত চাৰিগৰাকীকৈ সম্বৰ্ধিত মহিলাত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব । সম্বৰ্ধিত ব্যক্তিসকলৰ নাম- দীপান্বিতা জয়চোৱাল, পৰিচালনা সঞ্চালিকা, ডি ৱাই ৩৬৫, ড০ জোনমণি দেৱী খাউণ্ড, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, শ্ৰীমতী নয়নমণি শইকীয়া, অৰ্জুন বঁটা প্ৰাপক, লন বল আৰু ড০ শেৱালি দাস কলিতা, উপ-সভাপতি, কামৰূপ জিলা কবি সন্মিলন ।
দেওবাৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত নাৰী শক্তিৰ সবলীকৰণ আৰু সমাজ গঠনত মহিলাৰ ভূমিকাৰ সন্দৰ্ভত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । উদ্যোক্তা সমিতিয়ে উক্ত দিনাৰ সকলো কাৰ্যসূচীতে সৰ্বস্তৰৰ ৰাইজৰ তথা মাতৃশক্তিৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী