ইৰাণে আৰু চুবুৰীয়া দেশক আক্ৰমণ নকৰে, ট্ৰাম্পৰ বক্তব্য সন্দৰ্ভত ৰাষ্ট্ৰপতি পেজেছকিয়ানে কয়–তেওঁৰ দেশে আত্মসমৰ্পণ নকৰে
তেহৰাণ, ০৭ মাৰ্চ (হি.স.)। আমেৰিকা আৰু ইজৰাইলৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে চুবুৰীয়া দেশৰ ওপৰত আক্ৰমণৰ বাবে ক্ষমা বিচাৰি কয় যে ভৱিষ্যতে কোনো চুবুৰীয়া দেশক আক্ৰমণ নকৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিয়া হৈছে। ইৰাণ
ईरान के राष्ट्रपति (फाइल फोटो)


তেহৰাণ, ০৭ মাৰ্চ (হি.স.)। আমেৰিকা আৰু ইজৰাইলৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে চুবুৰীয়া দেশৰ ওপৰত আক্ৰমণৰ বাবে ক্ষমা বিচাৰি কয় যে ভৱিষ্যতে কোনো চুবুৰীয়া দেশক আক্ৰমণ নকৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিয়া হৈছে। ইৰাণে বিনাচৰ্তে আত্মসমৰ্পণ কৰিব লাগিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া বক্তব্যৰ প্ৰতিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁৰ দেশ কেতিয়াও আত্মসমৰ্পণ নকৰে।

ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ৰাজ্যিক টেলিভিছনত প্ৰকাশ কৰা ভিডিঅ’ বাৰ্তাৰ উদ্ধৃতি দি ইৰাণ ইণ্টাৰনেশ্যনেল টিভিয়ে প্ৰকাশ কৰিছে যে ইজৰাইল আৰু আমেৰিকাৰ সৈতে চলি থকা যুদ্ধৰ সময়ত চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণৰ বাবে তেওঁ ক্ষমা বিচাৰিছিল । ইয়াৰ পৰা ইৰাণক আক্ৰমণ নকৰিলে ইৰাণে আৰু কোনো চুবুৰীয়া দেশক আক্ৰমণ নকৰে বুলিও তেওঁ কয়। আঞ্চলিক শান্তি প্ৰতিষ্ঠা কৰিবলৈও সহযোগিতাৰ আহ্বান জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে।

পেজেস্কিয়ানে কয়, ইৰাণৰ আক্ৰমণৰ বলি হোৱা সকলো চুবুৰীয়া দেশৰ পৰা মই ক্ষমা বিচাৰিছো। অন্তৱৰ্তীকালীন নেতৃত্ব পৰিষদে কালি সিদ্ধান্ত লৈছিল যে চুবুৰীয়া দেশসমূহৰ ওপৰত কোনো আক্ৰমণ চলোৱা নহ'ব যদিহে ইয়াৰ পৰা আক্ৰমণ কৰা নহয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ সন্দৰ্ভত মন্তব্য কৰি ইৰাণৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁৰ দেশ কেতিয়াও আত্মসমৰ্পণ নকৰে। তেওঁ কয়, “যিসকলে ইৰাণৰ জনসাধাৰণে আত্মসমৰ্পণ কৰাটো বিচাৰে তেওঁলোকে এই আশাক নিজৰ কবৰলৈ লৈ যাব লাগে।”

মাত্ৰ এদিন পূৰ্বে ট্ৰাম্পে কৈছিল যে ইৰাণে বিনাচৰ্তে আত্মসমৰ্পণ নকৰালৈকে ইৰাণৰ সৈতে কোনো চুক্তি নহ’ব। ট্ৰাম্পে উল্লেখ কৰে যে আমেৰিকাই ইৰাণৰ নতুন নেতাক বাছি ল’ব। যোৱা এসপ্তাহত ইৰাণে উপসাগৰীয় অঞ্চলৰ ডুবাই, আবুধাবি, কাটাৰ, কুৱেইট, বাহৰেইনকে ধৰি কেইবাটাও অঞ্চলক লক্ষ্য কৰি ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে। ইয়াৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সংঘটিত কৰা এই আক্ৰমণে লক্ষ্য দেশসমূহত যথেষ্ট বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

ইয়াৰ পূৰ্বে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ যৌথ বিমান আক্ৰমণে ৰাজধানী তেহৰাণকে ধৰি ইৰাণৰ কেইবাখনো চহৰক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণত ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ খামেনেই তেওঁৰ আৱাসিক চৌহদত নিহত হয় । খামেনেইৰ জীয়েক, জোঁৱাই আৰু নাতিনীয়েককো হত্যা কৰা হৈছিল। তেওঁৰ পত্নীও গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসাৰ সময়ত মৃত্যু হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande