
ডিব্ৰুগড়, ০৭ মাৰ্চ (হি.স.)। বিজনী ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা বিজনী ৰেল ষ্টেচনত ৰখোৱা হ'ব ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ।
আজি দুপৰীয়া ১৫৯৬০ নম্বৰৰ কামৰূপ এক্সপ্ৰেছ ৰেলখন বিজনী ৰেলৱে ষ্টেচনত প্ৰবেশ কৰাত বিজনী ৰেলৱে যাত্ৰী অধিকাৰ মঞ্চৰ ফালৰ পৰা উষ্ম আদৰণি জনায় ৰেল খনক।
বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চৰ দাবীৰ প্ৰতি সহাৰি জনাই আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মৰ্মে বিজনীত নৰ্থইষ্ট এক্সপ্ৰেছ , কামৰূপ এক্সপ্ৰেছ আৰু টাম্বাৰাম এক্সপ্ৰেছ ৰেল তিনিখন ৰখোৱা হয়।
বিজনীত তিনি খনকৈ দ্ৰুতগামী ৰেল ৰখোৱাত বিজনীৰ যাত্ৰী আৰু বিজনী ৰেলৱে যাত্ৰী অধিকাৰ মঞ্চই মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা