ফেব্ৰুৱাৰী মাহৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ১১৯১ খন ৰেকৰ আনলোডিং কৰি মালবাহী পৰিবহনত অবিৰত প্ৰদৰ্শন
গুৱাহাটী, ৭ মাৰ্চ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো মালবাহী ৰেলৰ পৰিবহনত মজবুত প্ৰদৰ্শন অব্যাহত ৰাখি মালবস্তুৰ আনলোডিঙত উল্লেখযোগ্যভাৱে বৃদ্ধিৰ অভিলেখ গঢ়ি তুলিছে। উক্ত মাহটোত এই জ''নত সৰ্বমুঠ ১১৯১ খন মালবাহী ৰেলৰ ৰেক আন
ভাৰতীয় ৰেল


গুৱাহাটী, ৭ মাৰ্চ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো মালবাহী ৰেলৰ পৰিবহনত মজবুত প্ৰদৰ্শন অব্যাহত ৰাখি মালবস্তুৰ আনলোডিঙত উল্লেখযোগ্যভাৱে বৃদ্ধিৰ অভিলেখ গঢ়ি তুলিছে। উক্ত মাহটোত এই জ'নত সৰ্বমুঠ ১১৯১ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়, যি বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আনলোড কৰা ১১৩৭ খন ৰেকৰ তুলনাত ৪.৭% বৃদ্ধিকেই প্ৰদৰ্শন কৰিছে।

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে লগতে কয় যে, সমগ্ৰ মাহটোত উত্তৰ-পূব সীমান্ত ৰেলৱেই খাদ্যশস্য, সাৰ, চিমেন্ট, কয়লা আৰু অন্যান্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় আৰু ঔদ্যোগিক সামগ্ৰীৰ সুগম পৰিবহণ নিশ্চিত কৰি এই সামগ্ৰীসমূহ সংশ্লিষ্ট এলেকাৰ বিভিন্ন গুডছ শ্বেডত উপযুক্তভাৱে আনলোড কৰিছে, পৰিণামস্বৰূপে সময়মতে যোগান আৰু পৰিবহন ক্ষমতাৰ নিৰ্ভৰযোগ্যতাক নিশ্চিত কৰি তুলিছে।

এই সময়ছোৱাত মালবাহী পৰিবহণৰ এক বৃহৎ অংশ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে উৎসৰ্গিত আছিল। অসমত ৬৫৫ খন ৰেক আনলোড কৰা হয়, যাৰ ভিতৰত ৩০৮ খন ৰেকে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰে, যি ৰেলৱেৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু দৈনিক উপভোক্তাৰ প্ৰয়োজনীয়তাক পূৰণ কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰতিফলিত কৰিছে। একেই সময়তে ত্ৰিপুৰাত ৮৫ খন ৰেক, নাগালেণ্ডত ১৭ খন, অৰুণাচল প্ৰদেশত ৯ খন, মণিপুৰত ১৬ খন, মেঘালয়ত ১ খন আৰু মিজোৰামত ৭ খন ৰেক আনলোড কৰা হয়।

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধিক্ষেত্ৰৰ অন্তৰ্গত পশ্চিমবঙ্গত ২২২ খন ৰেক আৰু বিহাৰত ১৭৯ খন ৰেক আনলোড কৰি অত্যাৱশ্যকীয় আৰু আৱশ্যকীয় উভয় ধৰণৰ সামগ্ৰীৰ আনলোডিং অন্তৰ্ভুক্তিৰে এক অভিলেখ গঢ়ি তোলে, যি আভ্যন্তৰীণ যোগানৰ আঞ্চলিক ধাৰাবাহিকতাকে অধিক শক্তিশালী কৰি তুলিছে।

অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔদ্যোগিক সামগ্ৰীৰ পৰিবহণে অঞ্চলটোত জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ আৰু অৰ্থনৈতিক কাৰ্যকলাপক সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিক পালন কৰিছে। ফিল্ড ইউনিটসমূহৰ অহৰহ পৰ্যবেক্ষণ আৰু সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেই টাৰ্নএৰাউণ্ড সময় আৰু আনলোডিঙৰ দক্ষতা উন্নত কৰি মালবাহী ৰেলৰ পৰিচালনৰ নিৰ্ভৰযোগ্যতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক বিকাশৰ প্ৰতি এই ৰেলৱেৰ দায়বদ্ধতাকে পুনৰ নিশ্চিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande