ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চিকিৎসা সেৱাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ
কামৰূপ, ০৭ মাৰ্চ (হি.স.)। ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ অধীনত চিকিৎসা সেৱাৰ বাবে আৰ্থিক অনুদানৰ চেক বিতৰণ স্থানীয় বিধায়ক ভবেশ কলিতাৰ । ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত তিনিশ গৰাকী হিতাধিকাৰীৰ মাজত আৰ্থিক অনুদান
ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চিকিৎসা সেৱাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ


কামৰূপ, ০৭ মাৰ্চ (হি.স.)। ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ অধীনত চিকিৎসা সেৱাৰ বাবে আৰ্থিক অনুদানৰ চেক বিতৰণ স্থানীয় বিধায়ক ভবেশ কলিতাৰ । ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত তিনিশ গৰাকী হিতাধিকাৰীৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে স্থানীয় বিধায়ক গৰাকীয়ে।

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলীয়া ,পূৱপাৰ আৰু ৰঙিয়া নগৰ মণ্ডলৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ পৰা সমবেত তিনিশ গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যাক্তিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ধনৰাশি প্ৰদান কৰা হয়। অনুষ্ঠানত ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ প্ৰমুখ্যে আন কেইবা গৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে। ইফালে চেক বিতৰণৰ প্ৰাকমুহূৰ্তত ৰখা ভাষণ প্ৰসংগত বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগী সকলৰ আশু আৰোগ্য কামনা কৰি সাহাৰ্য পুঁজিৰ অধীনত প্ৰদান কৰা ধনৰাশিৰে চিকিৎসা সেৱাৰ ক্ষেত্ৰত কিছু সহায় হব বুলিও আশা প্ৰকাশ কৰে বিধায়ক ভবেশ কলিতাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande