তামুলপুৰত বিপিএফ ৰ দিছপুৰ চলো কাৰ্যসূচীত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ
তামুলপুৰ, ০৭ মাৰ্চ (হি.স.)। আগন্তুক বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি তামুলপুৰত দিছপুৰ চলো কাৰ্যসূচী বিপিএফ ৰ ৷ তামুলপুৰত বিপিএফ ৰ দিছ্পুৰ চলো কাৰ্যসূচীত উপস্থিত হাগ্ৰামা মহিলাৰী। তামুলপুৰৰ বৰখাটাত অনুষ্ঠিত উক্ত অনুষ্ঠানত অংশগ্ৰহণ তামুলপুৰ জিলাৰ পাঁ
তামুলপুৰত বিপিএফ ৰ দিছপুৰ চলো কাৰ্যসূচীত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ


তামুলপুৰ, ০৭ মাৰ্চ (হি.স.)। আগন্তুক বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি তামুলপুৰত দিছপুৰ চলো কাৰ্যসূচী বিপিএফ ৰ ৷ তামুলপুৰত বিপিএফ ৰ দিছ্পুৰ চলো কাৰ্যসূচীত উপস্থিত হাগ্ৰামা মহিলাৰী। তামুলপুৰৰ বৰখাটাত অনুষ্ঠিত উক্ত অনুষ্ঠানত অংশগ্ৰহণ তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ দলীয় কর্মী সমৰ্থক সকল।

কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীক উষ্ম আদৰণি দলীয় নেতা কর্মী সকলৰ। অনুষ্ঠানত অংশগ্ৰহণ বিপিএফ দলৰ জ্যেষ্ঠ নেতৃবৃন্দ সকলৰো। সভাৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে কয় যে পিএমবি বৈঠক আৰু চিডব্লিউচি সভাত প্ৰাৰ্থীৰ বিষয়ে আলোচনা কৰা হব। বিটিচি ৰ ১৫ টা সমষ্টি এনডিএ হিচাবে দিছপুৰলৈ পঠিওৱা আমাৰ দলৰ দায়িত্ব।

বিটিচি ৰ বাহিৰত থকা সমষ্টিতো মই লাগি দিম এনডিএ হিচাবে। প্ৰমোদ বড়ো ৰাজ্যসভালৈ যোৱা প্ৰসংগত কয় যে- তেওঁ ভালকৈ কাম কৰক কামনা কৰিছোঁ কিন্ত নেচনেল-ইণ্টাৰনেছনেল কৰি থাকিলে নহ’ব। নিৰ্বাচনৰ দিন ঘোষণা হ’লেহে প্ৰাৰ্থী ঘোষণা হ’ব। তামুলপুৰ(এছটি) সমষ্টি ত এনডিএ ৰ কোন থাকিব বৰ্তমানো চূড়ান্ত হোৱা নাই।

বিটিচি ত প্ৰধানমন্ত্ৰী অহাক লৈ উৎসাহিত হাগ্ৰামা। ডাঙৰ মানুহ যেতিয়া আহিব নিশ্চয় ভাল খবৰ বা উপহাৰ দি যাব। গতিকে,বিটিচি ৰ প্ৰতিটো শ্ৰেণীৰ মানুহ সেইদিনা ওলাই আহি আদৰিব লাগে। ইপিনে, ছিলিণ্ডাৰৰ মূল্য বৃদ্ধিক লৈ ৰসাল মন্তব্য হাগ্ৰামাৰ। মই এইবোৰ নাজানো। মই ইয়াৰ মালিক নহয়, দোকানীও নহয়।

ইপিনে, হেলিকপ্টাৰৰ দ্বাৰা এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰা প্ৰসংগত তেওঁ কয় যে, মই ১৬ তাৰিখৰ পৰাহে হেলিকপ্টাৰ বিচাৰিছিলোঁ, কিন্ত তেওঁলোক আগতেই আহিলে। ই ৰিক্সাৰ দৰে- মোৰ তাত আহক বুলি সকলো হেলিকপ্টাৰে মাতি আছে। যত ভাড়া ১০ টকা তাত মই ৫ টকা দিম।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande