ডবকাৰ তপতজুৰি গাৱত বন্য়হস্তীৰ তাণ্ডৱ
হোজাই, ০৬ মাৰ্চ (হি.স.)। ডবকাৰ তপতজুৰি গাৱত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ l নিশা দুটাকৈ পৰিয়ালত তাণ্ডৱ এটা বন্যহস্তীৰ৷ মকবুল আলী আৰু আবু কালাম নামৰ দুজন লোকৰ ঘৰ আৰু এখন বাহনৰ ক্ষতিগ্ৰস্ত কৰে বন্যহস্তীটোৱে l দুটাকৈ পৰিয়ালত তাণ্ডৱ চলাই ৰাষ্ট্ৰীয় ঘাইপথ
ডবকাৰ তপতজুৰি গাৱত বন্য়হস্তীৰ তাণ্ডৱ


হোজাই, ০৬ মাৰ্চ (হি.স.)। ডবকাৰ তপতজুৰি গাৱত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ l নিশা দুটাকৈ পৰিয়ালত তাণ্ডৱ এটা বন্যহস্তীৰ৷ মকবুল আলী আৰু আবু কালাম নামৰ দুজন লোকৰ ঘৰ আৰু এখন বাহনৰ ক্ষতিগ্ৰস্ত কৰে বন্যহস্তীটোৱে l দুটাকৈ পৰিয়ালত তাণ্ডৱ চলাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ডবকা সংৰক্ষিত বনাঞ্চলত প্ৰৱেষ কৰে বন্য়হস্তীটোৱে৷

উৰে নিশা আতংকিত হৈ থাকে গাওঁবাসী। অসহায় পৰিয়াল দুটাৰ ক্ষতিপূৰণ বিচাৰি আহ্বান বন বিভাগক। কিছুদিন পুৰ্বে একোটা স্থানতে বনৰীয়া হাতীৰ আক্ৰমনত এজন লোক নিহত হৈছিল ,তাৰ পিছতো বন বিভাগে হাতী মানুহৰ সংঘাত নিৰ্মুলৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande