আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে কৰ্তব্যৰ পথত শক্তি পদযাত্ৰা
নতুন দিল্লী, ০৬ মাৰ্চ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে কৰ্তব্য পথত শক্তি পদযাত্ৰাৰ আয়োজন কৰিব। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া শক্তি পদযাত্ৰাত বিভিন্ন শ্ৰেণীৰ ৪ হাজাৰৰো অধিক মহিলাই অংশগ্ৰহণ কৰিব। শুকুৰবাৰে
शक्ति वॉक


নতুন দিল্লী, ০৬ মাৰ্চ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে কৰ্তব্য পথত শক্তি পদযাত্ৰাৰ আয়োজন কৰিব। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া শক্তি পদযাত্ৰাত বিভিন্ন শ্ৰেণীৰ ৪ হাজাৰৰো অধিক মহিলাই অংশগ্ৰহণ কৰিব।

শুকুৰবাৰে প্ৰকাশ কৰা এক বাৰ্তাত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে আজিৰ মহিলাসকলে কেৱল দেশ নিৰ্মাণত অংশগ্ৰহণ কৰাই নহয়, ইয়াৰ নেতৃত্বও লৈছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আয়োজন কৰা শক্তি পদযাত্ৰা নাৰী সৱলীকৰণ, আত্মবিশ্বাস, নেতৃত্বৰ এক শক্তিশালী প্ৰতীক।

সমাজত মহিলাসকলৰ ক্ৰমবৰ্ধমান ভূমিকা আৰু অৱদানক সন্মান জনোৱাৰ বাবে এই পদক্ষেপ এক প্ৰেৰণাদায়ক প্ৰচেষ্টা বুলিও কয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সকলো মহিলাক আহ্বান জনাই তেওঁ কয় যে আমি একেলগে নাৰী শক্তি, সম সুযোগ আৰু শক্তিশালী ভাৰতৰ প্ৰতি সন্মানৰ সংকল্প শক্তিশালী কৰা উচিত।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande