বিটিচি কাৰ্যবাহী পাৰিষদৰ তিনিজন নতুন সদস্যৰ শপত গ্ৰহণ
কোকৰাঝাৰ, ০৬ মাৰ্চ (হি.স.)। আজি কোকৰাঝাৰৰ বডোফা নগৰত অৱস্থিত বিটিচিএলএ (BTCLA) প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিটিচি কাৰ্যবাহী পৰিষদত তিনি গৰাকী সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। নতুনকৈ শপত গ্ৰহণ কৰা সদস্য সকল হৈছে ক্ৰমে গোৰেশ্বৰ (ST)
বিটিচি কাৰ্যবাহী পাৰিষদৰ তিনিজন নতুন কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ ।


বিটিচি কাৰ্যবাহী পাৰিষদৰ তিনিজন নতুন কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ ।


কোকৰাঝাৰ, ০৬ মাৰ্চ (হি.স.)। আজি কোকৰাঝাৰৰ বডোফা নগৰত অৱস্থিত বিটিচিএলএ (BTCLA) প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিটিচি কাৰ্যবাহী পৰিষদত তিনি গৰাকী সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। নতুনকৈ শপত গ্ৰহণ কৰা সদস্য সকল হৈছে ক্ৰমে গোৰেশ্বৰ (ST) সমষ্টিৰ মহেশ্বৰ বসুমতাৰী, নাগ্ৰীজুলি (Non-ST) সমষ্টিৰ লক্ষ্মী দাস আৰু চৰকাৰ মনোনীত সদস্য কৰ্মেশ্বৰ ৰয়।

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা বিটিচিৰ বৰ্তমানৰ মুখ্য সচিব মুকেশ সাহুৱে নতুন সদস্য সকলক পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰায়। এই নতুন সদস্য সকলৰ অন্তৰ্ভুক্তিৰ লগে লগে বিটিচি কাৰ্যবাহী পাৰিষদৰ মুঠ সদস্য সংখ্যা বৰ্তমান ১৭ জনলৈ বৃদ্ধি পালে। উক্ত পদক্ষেপে বিটিচিৰ উন্নয়নমূলক কাম-কাজ আৰু জনহিতকৰ আঁচনি সমূহ ৰূপায়ণত বিশেষ সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰা হৈছে।

উক্ত অনুষ্ঠানত কাৰ্যবাহী সদস্য দেৰহাসাত বসুমতাৰী আৰু মুনমুন ব্ৰহ্ম, এমচিএলএ যুবিৰাজ বসুমতাৰী, অতিৰিক্ত মুখ্য সচিব প্ৰাঞ্জিত কুমাৰ ৱাৰী, বিটিচিৰ সচিবৰ লগতে অন্যান্য বিষয়া আৰু গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande