
গোলাঘাট, ০৬ মাৰ্চ (হি.স.)। বাদুলিপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছে মহতিয়াই নিয়ে স্কুটি আৰোহীক। গুৱাহাটীৰ দিশৰ পৰা শিৱসাগৰ দিশে আহি থকা অৰ্টিভ নামৰ নৈশ বাছ খনে খুন্দিয়াই স্কুটি আৰোহী জনক। আহত স্কুটি আৰোহী জনক বাদুলিপাৰৰ তিলক গগৈ বুলি চিনাক্ত কৰা হৈছে। অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
বাছ খনৰ নম্বৰ এএছ ২৫ ইচি ৫১২৬। বাছখনে হঠাতে গতি কৰে ওলোটা দিশত। যাৰ বাবে নিজ দিশেৰে আহি থকা স্কুটি আৰোহীজনক খুন্দিয়াই বাছ খনে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বাদুলিপাৰত ।বাছচালকৰ ভুলৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা