দলগাঁৱত চৰকাৰী গাঁওবুঢ়াক ডিঙি চেপি হত্যা পত্নীৰ
পাৰিবাৰিক কন্দলৰ বাবেই ডিঙি চেপি হত্যা
দলগাঁৱত চৰকাৰী গাঁওবুঢ়াক ডিঙি চেপি হত্যা পত্নীৰ


দৰং, ০৬ মাৰ্চ (হি.স.): দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুলিয়াপাৰাত যোৱা কালি বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা । চাৰি খন গাঁৱৰ চৰকাৰী গাঁওবুঢ়া আব্দুৰ ৰহমানক পত্নীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, ২ নং গলন্দি ৩ নং গলন্দি, দুলিয়াপাৰা আৰু বাগৰবাৰী গাঁৱৰ গাঁওবুঢ়া আব্দুৰ ৰহমানৰ সৈতে দ্বিতীয় পত্নীৰ মাজত পাৰিবাৰিক কন্দলৰ বাবেই পত্নীয়ে ডিঙি চেপি ধৰে। ফলত অসুস্থ হৈ পৰে গাঁওবুঢ়া আব্দুৰ ৰহমান । লগে লগে খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সঠিক তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande