গৃহৰক্ষী বাহিনীৰ সমস্যা চৰকাৰে সমাধান নকৰাত ক্ষোভ
সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম স্বেচ্ছাসেৱী গৃহৰক্ষী কল্যান সন্থাৰ যুটীয়া সংবাদ মেল।
গৃহৰক্ষী বাহিনীৰ সমস্যা চৰকাৰে সমাধান নকৰাত ক্ষোভ


কামৰূপ, ০৬ মাৰ্চ (হি.স.): সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম স্বেচ্ছাসেৱী গৃহৰক্ষী কল্যান সন্থাৰ আজি যুটীয়া সংবাদ মেল পাতি গৃহৰক্ষী বাহিনীৰ সমস্যা চৰকাৰে সমাধান নকৰাৰ ক্ষোভ প্ৰকাশ কৰে। গৃহৰক্ষী বাহিনীৰ সমস্যা চৰকাৰে সমাধান নকৰাৰ ক্ষোভ উজাৰিলে সংগঠন দুটাই।

গৃহৰক্ষী বাহিনীৰ নিয়োগ প্ৰক্ৰিয়াত ছফ্টৱেৰ ব্যৱহাৰ কৰা কাৰ্যক বিৰোধীতা কৰে সংগঠনটোৰ নেতৃত্বই । এই কাৰ্য্য কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে। ইফালে ১০ মাৰ্চৰ পূৰ্বে সমস্যা সমাধান নহ'লে সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব । দুয়োটা সংগঠনে ঘোষণা কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী। অহা ১৪ মাৰ্চত গৃহৰক্ষী বাহিনীয়ে ঘেৰাও কৰিব ৰাজ্যপালৰ বাসভৱন। গৃহৰক্ষী বাহিনীয়ে জনাই অহা দাবী পূৰণৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande