
মাজুলী, ০৬ মাৰ্চ (হি.স.): বিধান সভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে মাজুলীৰ ৫ খন গাৱঁৰ ৰাইজে । প্ৰতিশ্ৰুতি দিও যাতায়তৰ সু-ব্যৱস্থা নকৰা তথা জৰাজীৰ্ণ কাঠৰ দলং নিৰ্মাণ নকৰাৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল পুৰুষ মহিলা সহ ৰাইজ।
উল্লেখ্য যে বিগত দহটা বছৰত বিজেপি চৰকাৰ খনে চহৰ নগৰে পকী পথ, পকী দলং, উৰনীয়া সেতু নিৰ্মাণ কৰি এক চমক সৃষ্টি কৰিছে যদিও বৰ্তমানেও নিৰ্মাণ হোৱা নাই বহু দলং আৰু পথ নিৰ্মাণ। উজনী মাজুলী কুহিয়াৰবাৰী-মৰিসুতি পথৰ মাজত থকা এখন কাঠৰ দলঙে যমৰ যাতনা খোৱাইছে জনতাক। জৰাজীৰ্ণ দলং খনে ৫/৬ গাৱঁৰ ৰাইকে যাতায়ত চলাই আছিল যদিও কালি দলং খন সম্পূৰ্ণ ৰূপে ভাঙি পৰে যাৰ ফলত জনসাধাৰণ অসুবিধাৰ সন্মূখীন হৈছে।কিয়নো দলং খনৰ ওপৰেদি দৈনিক অহা যোৱা কৰে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী। ৫ মাহ পূৰ্বে মাজুলীৰ বিধায়ক ভুৱন গামে মৰিসুতি গাৱঁত চোতাল বৈঠক কৰোতে গাৱঁৰ ৰাইজক প্ৰতিস্তুতি দিছিল যে এইবাৰ এই দলং খন হ'ব। কিন্তু আজিলৈকে নহল দলঙৰ নিবিদা। যদি নিৰ্বাচনৰ আগত ভগা দলঙ খনৰ পৰিবৰ্তে ৰাইজে যাতায়ত কৰিব পৰাকৈ এটা উপ-পথ নিৰ্মাণ কৰি নিদিয়ে তেন্তে গাৱঁৰ ৰাইজে অনাগত বিধান সভাৰ নিৰ্বাচন বৰ্জন কৰিব। গাঁওকেই খনলৈ নিৰ্বাচনত ভোট বিচাৰি আহিলে ভঙা দলং খনৰ ওপৰেদি যাব লাগিব বুলি হুংকাৰ দিলে ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ