চাৰি মাহত বিপিএফৰ চৰকাৰ পতন হোৱাৰ দাবী ইউপিপিএলৰ যুৱ নেতা সঞ্জয় দাসৰ
টংলাত UPPLৰ যুৱ নেতা সঞ্জয় দাসৰ সংবাদ মেল।
চাৰি মাহত বিপিএফৰ চৰকাৰ পতন হোৱাৰ দাবী ইউপিপিএলৰ যুৱ নেতা সঞ্জয় দাসৰ


ওদালগুৰি, ০৬ মাৰ্চ (হি.স.): ওদালগুৰি জিলাৰ টংলাত আজি ইউপিপিএলৰ যুৱ নেতা সঞ্জয় দাসে সংবাদ মেল অনুষ্ঠিত কৰি চাৰি মাহৰ ভিতৰতে বিপিএফৰ চৰকাৰ ভঙা যাৱ বুলি দাবী কৰে। তেওঁ লগতে কয় যে বিটিচিৰ সলনি ইয়াত পুনৰ বিটিআৰ হ'ব। বিটিচি চৰকাৰ ভাঙিবৰ কাৰণেই প্ৰমোদ বড়ো দিল্লীলৈ যাব বুলিও সংবাদমেলত ইউপিপিএল নেতা সঞ্জয় দাসে দাবী কৰে। পৰিৱৰ্তনৰ নামত বিপিএফয়ে বিটিচিৰ ৰাইজক আভুৱা ভাৰিছে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে যোৱা কালি ৫ মাৰ্চ তাৰিখে ইউপিপিএলৰ সভাপতি প্ৰমোদ বডোয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। দলৰ সভাপতি দিল্লীলৈ যোৱাৰ বাবে ইউপিপিএল ভেৰগাঁও জিলা বেংগলী চেলৰ সভাপতি সঞ্জয় দাসে শুভেচ্ছা জনোৱাৰ লগতে, প্ৰমোদ বড়ো দিল্লীলৈ গ'লে বিপিএফ হাগ্ৰামাৰ চৰকাৰ অহা চাৰি মাহত ভংগ হ'ব বুলি দাবী কৰে, আৰু সেইকাৰণে হাগ্ৰামাৰ বিটিচি চৰকাৰে চাৰি মাহৰ বাবেহে বিটিচিৰ বাজেদ কৰা বুলি বিস্ফোৰক অভিযোগ কৰে যুৱ নেতা সঞ্জয় দাসে।আৰু প্ৰমোদ বড়ো দিল্লীলৈ গ'লে সংবিধানৰ ১২৫ এমেণ্টমেন্ট বিল পাঁচ হ'ব তেতিয়া বিটিচিৰ সলনি ইয়াত বিটিআৰ হ'ৱ, ৰাজ্যপালৰ সাশন আহিব, সমষ্টি ৬০ টালৈ বৃদ্ধি হ'ব , পুনৰ নিৰ্বাচন হ'লে ইউপিপিএলে সংখ্যা গৰিষ্ঠতা লৈ বিটিআৰ চৰকাৰত আহিব, সেইকাৰণে প্ৰমোদ দিল্লী যাৱ ওলোৱাৰ বাবে হাগ্ৰামাৰ টোপনি নোহোৱা হৈছে বুলি দাৱী কৰে ।

হাগ্ৰামাৰ বিপিএফ চৰকাৰে গণতন্ত্ৰ ধ্বংস কৰিছে বুলি কোৱাৰ লগতে এইবাৰ ইউপিপিএলে বিটিচিৰ ১৫ সমষ্টিৰ বাহিৰেও অসমৰ আন ৫ টা সমষ্টি মুঠ ২০ টা সমষ্টিত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিৱ আৰু দিছপুৰত এইবাৰ ইউপিপিএল কিং মেকাৰ হ'ব বুলি সংবাদ মেলত ইউপিপিএল যুৱ নেতা সঞ্জয় দাসে দাবী উত্থাপন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande