
চিৰাং, ০৬ মাৰ্চ (হি.স.): ২০২৬ৰ বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ গৰম হৈ পৰিছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট। শাসনাধিষ্ঠ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে আগন্তুক বিধান সভা নিৰ্বাচনক লৈ ব্যাপক কুচকাৱাজ চলোৱাৰ সমান্তৰাল কৈ প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলেও চলাই গৈছে ব্যাপক কুচকাৱাজ।তাৰে মাজতেই আজি চিৰাং জিলাৰ কাজলগাঁৱস্থিত শালঝোৰা খেল পথাৰৰ পৰা চিৰাং জিলা ইউপিপিএলৰ উদ্যোগত শান্তিৰ মটৰচাইকেল ৰেলী উলিয়ায়।
চিৰাং জিলা যুৱ ইউপিপিএল দলৰ সভাপতি হায়েন নাৰ্জাৰীৰ নেতৃত্বত উলিওৱা মটৰ চাইকেল ৰেলীত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো।মটৰ চাইকেল ৰেলীত উপস্থিত থাকি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ মন্তব্য আগন্তুক বিধান সভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইউপিপিএল দল।
আনহাতে যোৱা কালি ৰাজ্য সভাৰ সাংসদ পদত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়তো এ ডি এৰ পৰা সমৰ্থন লোৱা নাছিল প্ৰমোদ বড়োই। আৰু ভগৱানে কৃপা কৰিলে ৰাজ্য সভাৰ সাংসদ হিচাপে মনোনীত হ'ব বুলিও তেঁও ভাষনত উল্লেখ কৰে। প্ৰমোদ বড়োৰ শাসন কালত বিটিচিৰ সৰ্বত্ৰে শান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল, কিন্তু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল শাসনত অহাৰ পিচতে এতিয়া বিটিচিৰ সাধাৰণ ৰাইজে প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল চৰকাৰৰ অভাৱ অনুভৱ কৰিছে যাৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলক পুনৰ শাসনত বিচাৰিছে বিটিচিৰ ৰাইজে।
আজি চিৰাং জিলাৰ কাজলগাঁৱস্থিত শালঝোৰা খেল পথাৰৰ পৰা আৰম্ভ কৰা শান্তিৰ মটৰ চাইকেল ৰেলীৰ শুভ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায় বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ