
যশপুৰ/ৰায়পুৰ, ০৬ মাৰ্চ (হি.স.)। ছত্তীশগড়ৰ যশপুৰ জিলাৰ কাৰ্ডেগাৰ পৰা কুংকুৰিলৈ যোৱা এখন যাত্ৰীবাহী বাছ হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই দুৰ্ঘটনাত শিশুসহ ৬ জন যাত্ৰী নিহত হয়। আন ৯ জন লোক গুৰুতৰভাৱে আহত হয়।
খবৰ অনুসৰি কাৰ্ডেগাৰ পৰা কুংকুৰিলৈ যোৱা এখন যাত্ৰীবাহী বাছত দুডজনৰো অধিক যাত্ৰী কঢ়িয়াই আনিছিল। কাৰ্ডেগা আউটপোষ্ট এলেকাৰ গোদা আম্বাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে। এই দুৰ্ঘটনাটোৱে ব্যাপক আতংকৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰি আৰক্ষীক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাস্থলীলৈ এম্বুলেন্স প্ৰেৰণ কৰে। ছয়জন লোক নিহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয়, যাত্ৰীসকলক কুংকুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।
আটাইকেইজন আহতসকলৰ বাবে সম্ভৱপৰ উত্তম চিকিৎসাৰ বাবে তাৎক্ষণিক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীৰ কেম্প কাৰ্যালয়ে। ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত থকাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত আছে। আৰক্ষীয়ে মৃত লোকজনক চিনাক্ত কৰাৰ চেষ্টা চলাইছে আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া