এনএইচএআইৰ টোল প্লাজাত ৫,১০০ৰো অধিক মহিলাক নিয়োগ, নিয়োগ আৰু সৱলীকৰণৰ বাবে এক নতুন পদক্ষেপ
নতুন দিল্লী, ০৬ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ টোল প্লাজাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে সমগ্ৰ দেশৰ ১১৪০ টাতকৈও অধিক টোল প্লাজাত দিনৰ শ্বিফটত ৫১০০ৰো অধিক মহিলা কৰ্মচাৰী নিয়োগ কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই। কেন্দ্ৰীয়
एनएचएआई


নতুন দিল্লী, ০৬ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ টোল প্লাজাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে সমগ্ৰ দেশৰ ১১৪০ টাতকৈও অধিক টোল প্লাজাত দিনৰ শ্বিফটত ৫১০০ৰো অধিক মহিলা কৰ্মচাৰী নিয়োগ কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ লক্ষ্য হৈছে টোল কাৰ্য্যকলাপত মহিলাসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা, আৰু টোল প্লাজাত যাত্ৰীসকলৰ বাবে অধিক সঁহাৰিজনক আৰু ব্যৱহাৰকাৰী অনুকূল পৰিৱেশ প্ৰদান কৰা। বিষয়াসকলে কয় যে মহিলা কৰ্মচাৰী নিয়োগ কৰিলে বিবাদৰ সম্ভাৱনা হ্ৰাস পাব আৰু সেৱাৰ মান উন্নত হ’ব ।

এন এইচ এ আইয়ে বিভিন্ন অংশীদাৰ, টোল অপাৰেটৰ, আৰু উদ্যোগ সংস্থা যেনে নেশ্যনেল হাইৱেজ বিল্ডাৰ্ছ ফেডাৰেচন, হাইৱে অপাৰেটৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, আৰু অল ইণ্ডিয়া ইউজাৰ ফি কন্ট্ৰেক্টৰ ফেডাৰেচনৰ সৈতে এই সিদ্ধান্তৰ বিষয়ে আলোচনা কৰে। সকলোৱে এই পদক্ষেপক সমৰ্থন কৰিছিল আৰু মহিলা কৰ্মচাৰীক দিনৰ শ্বিফটত নিয়োগ কৰিবলৈ সন্মত হৈছিল ।

এনএইচএআইয়ে উল্লেখ কৰিছে যে মহিলা কৰ্মচাৰীসকলকো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ কৰ্মচাৰীসকলক। এই প্ৰশিক্ষণত ভদ্ৰ আচৰণ, জৰুৰীকালীন সঁহাৰিৰ দক্ষতা, সুৰক্ষা প্ৰট’কল, আৰু টোল কাৰ্য্যকলাপৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

বিষয়াসকলে কয় যে এই পদক্ষেপে মহিলাসকলক কেৱল কৰ্মসংস্থাপন প্ৰদান কৰাই নহয়, তেওঁলোকক সামাজিক সবলীকৰণ আৰু আন্তঃগাঁথনি খণ্ডত অংশগ্ৰহণৰ সুযোগো প্ৰদান কৰিব। এন এইচ এ আইৰ মতে এনে পদক্ষেপে নগৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ মহিলাৰ স্থিতি শক্তিশালী কৰাৰ লগতে টোল প্লাজাত সেৱা প্ৰদানৰ উন্নতি সাধন কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande