
বেংগালুৰু, ০৬ মাৰ্চ (হি.স.)। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি (এম জি এনৰেগা) বিলুপ্ত কৰি ভি বি-জি-ৰাম-জি আঁচনি ৰূপায়ণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক অধিকাৰভিত্তিক নিয়োগ ব্যৱস্থাক ভেঙুচালি কৰা পদক্ষেপ বুলি অভিহিত কৰে। এই পদক্ষেপে মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজৰ দৃষ্টিভংগীৰ বিৰোধী বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
শুকুৰবাৰে বিধানসভাত ৰাজ্যৰ বাজেট দাখিল কৰি আছিল মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে নতুন আঁচনিখন ৰূপায়ণৰ ফলত গ্ৰাম্য নিয়োগ ব্যৱস্থাত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে নতুন ব্যৱস্থাই চাহিদাভিত্তিক নিয়োগ নিশ্চয়তা ব্যৱস্থাৰ ঠাইত কেন্দ্ৰীয়ভাৱে নিৰ্ধাৰিত নিয়োগ আবণ্টন ব্যৱস্থাৰে লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত গ্ৰাম্য শ্ৰমিকৰ কৰ্মসংস্থাপনৰ সুৰক্ষাত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপ সংবিধানৰ ৭৩ সংখ্যক সংশোধনীৰ মনোভাৱৰ বিৰুদ্ধেও আৰু ইয়াৰ প্ৰভাৱ পঞ্চায়তসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰ্তৃত্বত হোৱাৰ সম্ভাৱনা আছে। লগতে আঁচনিখন প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীকৰণ বৃদ্ধিৰ সম্ভাৱনাও প্ৰকাশ কৰে। ছিদ্দাৰমাইয়াৰ মতে যদি পৰোক্ষ ঠিকাদাৰৰ জড়িততা স্থাপন কৰা হয় তেন্তে ইয়াৰ দ্বাৰা গ্ৰাম্য শ্ৰমিকৰ প্ৰত্যক্ষ নিয়োগৰ সুযোগ হ্ৰাস পাব পাৰে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণমূলক নিয়ন্ত্ৰণে প্ৰকল্পসমূহ সময়মতে ৰূপায়ণত বাধাৰ সৃষ্টি কৰিব পাৰে।
এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে গাঁও পঞ্চায়তসমূহক সবল কৰি গ্ৰামাঞ্চলৰ জীৱিকা সুদৃঢ় কৰা পূৰ্বৰ ব্যৱস্থা পুনৰ ঘূৰাই আনিব লাগে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে গ্ৰাম্য শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে বিকেন্দ্ৰীকৃত শাসনৰ নীতি ৰক্ষাৰ বাবে প্ৰয়োজন হ’লে আইনী ব্যৱস্থাকে ধৰি সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া