
লক্ষীমপুৰ, ০৬ মাৰ্চ (হি.স.)। ঢকুৱাখনাত একেদিনাই বিধায়ক নৱ দলেই ১০ খন আঁচনিৰ শুভাৰম্ভ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ প্ৰাকমুহূৰ্তত ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই আজি ১০ খন আঁচনিৰ কামৰ শুভাৰম্ভ আৰু শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত বিধায়ক নৱ কুমাৰ দলে এআইআইবি ৰ পুঁজিৰ ৫ কোটি টকাৰে ঢকুৱাখনা বৈদ্যুতিক উপ-সংমণ্ডলৰ নিৰ্মাণ কৰা ৩৩/১১ কে.ভি. দক্ষিণ চাপৰি নিয়ন্ত্ৰণ কক্ষৰ শুভ উদ্বোধন আৰু লোকাৰ্পণ কৰে।
ইয়াৰ পিছত তেওঁ মাতমৰা গাভৰু দলে সাংস্কৃতিক কেন্দ্ৰত এছঅপিডি আঁচনিৰ ১ কোটি ৯৯ লাখ টকাৰে নিৰ্মাণ কৰিব লগীয়া এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত বিধায়ক দলেই চৰকাৰৰ এবিএইছআইএম আঁচনিৰ অধীনত ৪৬ লাখ ৮২ হাজাৰ টকাৰে নিৰ্মাণ কৰা আমলখি দাংধৰা আয়ুস্মান আৰোগ্য মন্দিৰ আৰু খজুৱা পাতিৰ আয়ুস্মান আৰোগ্য মন্দিৰৰ ভৱন উদ্বোধন কৰে।
আনহাতে বিয়লি বিধায়ক দলেই অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনতএছঅপিডি -২৫-২৬ আঁচনিৰ পুঁজি ক্ৰমে ১কোটি ১২ লাখ আৰু ২৫ লাখ টকাৰে ঢকুৱাখনা নগৰৰ সুৰক্ষা কৱচ স্বৰূপ কঢ়াবান্ধ মথাউৰিৰ ম'হেমাৰীৰ পৰা বান্তৌ চাপৰি অংশৰ শক্তিশালীকৰণ আঁচনিৰ আৰু ৩ কোটি ৪৮ লাখ টকাৰে ঘিলামৰাৰ চামপৰা নৈৰ মথাউৰিৰ গুৰৰথালী পৰা ঢকুৱাখনা পথলৈ অংশটো শক্তিশালী কৰাৰ আঁচনিৰ শুভাৰম্ভ কৰে।
উক্ত আটাইকেইটা কাৰ্যসূচীত ঢকুৱাখনা সমজিলা সম-আয়ুক্ত অপূৰ্ব কুমাৰ নাথ , জলসম্পদৰ বিভাগৰ কাৰ্যবাহী অভিযন্তা কৃষ্ণকান্ত পেগুকে প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু