জাগীৰোডৰ গোভা ৰজাৰ বাসগৃহত তোৰণৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
মৰিগাঁও, ০৬মাৰ্চ (হি.স.)। জাগীৰোডৰ ঐতিহাসিক গোভা ৰজাৰ বাসগৃহত শুক্ৰবাৰে তোৰণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ , তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱন্টিত পুজিঁৰ জৰিয়তে দহ লাখ টকা ব্যয় সাপে
জাগীৰোডৰ গোভা ৰজাৰ বাসগৃহত তোৰণৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ


মৰিগাঁও, ০৬মাৰ্চ (হি.স.)। জাগীৰোডৰ ঐতিহাসিক গোভা ৰজাৰ বাসগৃহত শুক্ৰবাৰে তোৰণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ , তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱন্টিত পুজিঁৰ জৰিয়তে দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া তোৰণ খনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তিৱা স্বায়ত্ব শাষিত পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস , গোভা ৰজা দ্বীপসিং দেওঁৰজা , তিৱা ৰাজদৰবাৰৰ জুৰচিং বৰদলৈ , জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ , জাগীৰোড গাঁও পঞ্চায়তৰ সভাপতি সোণজ্যোতি নাথ , মৰিগাঁও জিলা জনজাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ কামেশ্বৰ পাটৰ , বিজেপিৰ ৰাজ্যিক সদস্য জীতেন্দ্ৰ কুমাৰ ডেকা , প্ৰবিন কুমাৰ ডেকা প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আনহাতে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande