
নগাঁও, ০৬ মাৰ্চ (হি.স.)। ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আটক দুজন সৰবৰাহকাৰী। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত উত্তৰ বৰঘাঁটত অভিযান চলাই মফিদুল ইছলাম আৰু আজহাৰ আলী নামৰ দুজন সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয়।
সৰবৰাহকাৰী দ্বয়ৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১১.৭৭গ্ৰাম ড্ৰাগছ জব্দ কৰে। সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দ্বয়ক জেৰা অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি দিৰ্ঘ দিনৰ পৰা দুই ড্ৰাগচ সৰবৰাহকাৰী অঞ্চলটোত ড্ৰাগচৰ ৰমৰমীয়া বেহা চলাই আছিল।ড্ৰাগছৰ গ্ৰাসত পৰি ইতিমধ্য়ে অঞ্চলটোৰ একাংশ যুৱকে শাৰিৰীক আৰু মানশিক ভাবে খতিগ্ৰস্থ হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা