
গুৱাহাটী, ০৬ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা “জন আশীৰ্বাদ যাত্ৰা”ই সমগ্ৰ ৰাজ্যত ব্যাপক সঁহাৰি লাভ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত যাত্ৰাৰ সময়ত লাখ লাখ জনসাধাৰণৰ স্বতঃস্ফূৰ্ত উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ এই যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাইজৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ লগতে বিভিন্ন স্তৰৰ ৰাইজৰ সৈতে আত্মীয়তাপূৰ্ণ মুহূৰ্ত কটাইছে ৷
বৃদ্ধ মাতৃৰ আশীৰ্বাদ পুষ্ট হৈ, শিশুৰ স্নেহাশীষ গ্ৰহণ কৰি, দূৰ্গত জনলৈ সহাৰি জনাই, নতুন প্ৰজন্মক উৎসাহিত কৰি আৰু সাধাৰণ ৰাইজৰ লগত ঘনিষ্ঠভাৱে মত বিনিময় কৰা দৃশ্যই এই যাত্ৰাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷ জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতিটো স্থানত ৰাইজে পুষ্প বৰ্ষণ কৰাৰ লগতে আকুল হৃদয়ৰ মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনাইছে ৷
ৰাইজৰ এই অপৰিসীম মৰম আৰু আশীৰ্বাদে বিজেপি চৰকাৰ উন্নয়ন, শান্তি আৰু মূল্যবোধৰ ৰাজনীতিত ৰাইজে পুনৰ বিশ্বাস প্ৰদান কৰিছে বুলি স্পষ্টভাৱে প্ৰকাশ পাইছে ৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ কৃতজ্ঞতা সহকাৰে কয় যে অসমৰ জনসাধাৰণৰ মৰম, আস্থা আৰু আশীৰ্বাদেই চৰকাৰ খনৰ কাম কৰাৰ মূল প্ৰেৰণা ৷ ৰাজ্যখনক অধিক উন্নত আৰু শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে আগন্তুক দিনতো একাগ্ৰতাৰে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷
উল্লেখযোগ্য যে, জন আশীৰ্বাদ যাত্ৰা আজি পঞ্চম দিনত ভৰি দিছে ৷ আজি নাহৰকটীয়া, টিংখাং আৰু মাহমৰাত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিয়ে ৰাইজৰ মাজত উৎসাহৰ ঢল আনিছে ৷ আৰম্ভণি দিনৰে পৰাই সমগ্ৰ যাত্ৰা পথত মুখ্যমন্ত্ৰীৰ লগত নিৰবিচ্ছিন্ন ভাৱে সংগ দিয়া দলৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক একেলগে ৰাজ্যৰ ৰাজনীতিৰ ত্ৰিমূৰ্তি বুলি মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে উল্লেখ কৰে ৷
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ