শিশু কল্যান কমিটিৰ প্ৰাক্তন চেয়াৰমেন তথা বিজেপি নেতা নিলাদ্ৰী শংকৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক
হাইলাকান্দিত চাঞ্চল্য।
শিশু কল্যান কমিটিৰ প্ৰাক্তন চেয়াৰমেন তথা বিজেপি নেতা নিলাদ্ৰী শংকৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক


হাইলাকান্দি, ০৬ মাৰ্চ (হি.স.): হাইলাকান্দিত ৰক্ষকেই ভক্ষক হোৱাৰ দৰেই এক ঘটনা সংঘটিত হৈছে । এমান দিনে শিশু শ্ৰমিকৰ বিৰুদ্ধে কাম কৰি অহা তথা শিশু শ্ৰমিক ৰোধ কৰাৰ বিৰুদ্ধে আনক পৰামৰ্শ দিয়া প্ৰাক্তন শিশু কল্যান কমিটিৰ প্ৰাক্তন চেয়াৰমেনৰ তথা বিজেপি নেতা নিলাদ্ৰী শংকৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক।

হাইলাকান্দি শিশু কল্যান বিভাগত এটা অভিযোগ দাখিল হৈছিল যে এজন কিশোৰী বাল্য বিবাহ দিয়া চেষ্টা কৰি আছে আৰু এই অভিযোগ মতে শিশু কল্যান বিভাগৰ কৰ্মী সকলে অভিযান চলাই আৰু অভিযানত প্ৰাক্তন চিডব্লিউচি চেয়াৰমেনৰ ঘৰৰ পৰা এজন কিশোৰীক উদ্ধাৰ কৰে। ইতিমধ্যে এই কিশোৰীক চিডব্লিউচি বিভাগত হাজিৰ কৰি তেওঁৰ জবানবন্দী ৰেকৰ্ড কৰে।

কিশোৰীজনে কোৱা মতে যোৱা প্ৰায় ৬ বছৰ ধৰি প্ৰাক্তন চিডব্লিউচি চেয়াৰমেন নিলাদ্ৰী শংখৰ দাসৰ ভাতৃ আৰু ভনীয়েকৰ ঘৰত কাম কৰি আছিল লগতে সপ্তম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰী গৰাকী । নিলাদ্ৰী শংখৰ দাসৰ ঘৰতে একেলগে থাকে তেওঁৰ ভাই আৰু ভনীয়েক। প্ৰতি মাহে এক হাজাৰ টকা মাহেলী কামৰ বাবে দিয়া হয় কিশোৰী গৰাকীৰ ব্যাংক একাউণ্টলৈ। ১৬ বছৰৰ এই কিশোৰীক নিলাদ্ৰী শংকৰ দাসৰ পৰিয়ালৰ ঘৰৰ পৰা উদ্ধাৰ কৰি ইতিমধ্যে এই কিশোৰীক নিৰাপদ স্থানত ৰাখিছে জিলা শিশু সুৰক্ষা বিভাগে।

বৰ্তমান লৈকে কিশোৰীৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে এতিয়া পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande