
বৰপেটা, ০৬ মাৰ্চ (হি.স.)। আজি বৰপেটা সত্ৰত দৌল মহোৎসৱৰ সুৱেৰী উদযাপন। ৰঙে ৰঙে একাকাৰ হৈ পৰিছে সত্ৰ নগৰী বৰপেটা। ইতিমধ্যে বৃহস্পতিবাৰে নিশা দৌলগৃহৰ পৰা নামিল দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁই। সোমবাৰে টুপৰ চোতালত মেজি পুৱাই দৌলগৃহত আৰোহন কৰোৱা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁই চাৰিদিন দৌলগৃহৰ চৌদালাত আৰোহন কৰি থকাৰ পিচত ভৰদৌলৰ তৃতীয় দিনৰ নিশা দুয়োজনা গোসাঁই দৌল গৃহৰ চৌদিশে সাতপাক প্ৰদক্ষিণ কৰি গোসাঁই দুজনাক দৌলৰ পৰা নমোৱা হয়।
দুয়োজনা গোসাঁইক দৌলৰ পৰা নমাই যথাৰীতি অনুসৰি যোগমোহন গৃহত ৰখাৰ পিচত নিশা কীৰ্তন ঘৰৰ কাথিত বৰশৰাইত ৰখা হয়। আজি বিয়লিৰ ভাগত দুয়োজনা গোসাইক দোলাত তুলি কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হব। গোসাঁইক হেকেটা খুৱাই বৰপেটা সত্ৰলৈ ওভতাই অনাৰ পিচতে বাঁহভঙা পৰ্ব অনুস্থিত হব। বাঁহভঙা পৰ্বৰ সমান্তৰালভাবে দুয়োজনা গোসাঁইক কীৰ্তনঘৰৰ চৌদিশে সাত পাক প্ৰদক্ষিণ কৰাই গোসাঁইক কীৰ্তন ঘৰত প্ৰৱেশ কৰা হব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা