
ডিব্ৰুগড়, ০৬ মাৰ্চ (হি.স.): আজি মুকলি হ’ব ডিব্ৰুগড়ত বিজেপিৰ অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়। উজনি অসমৰ লগতে উত্তৰ অসমৰ আঠ খনকৈ জিলা সামৰি নিৰ্মাণ কৰা এই ৬ মহলীয়া ভৱনটো মুকলি কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উল্লেখ্য যে গুৱাহাটীৰ বাজপেয়ী ভৱনৰ পাছতেই এয়া দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত বিজেপিৰ দ্বিতীয়টো বৃহৎ কাৰ্যালয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ