বিজেপিৰ “জন আশীৰ্বাদ যাত্ৰা”ৰ অংশ স্বৰূপে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা
জোনাইত বিজেপিৰ “জন আশীৰ্বাদ যাত্ৰা”ৰ অংশ স্বৰূপে জোনাইত উপস্থিত হয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই।
বিজেপিৰ “জন আশীৰ্বাদ যাত্ৰা”ৰ অংশ স্বৰূপে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা


ধেমাজি, ০৬ মাৰ্চ (হি.স.): বিজেপিৰ “জন আশীৰ্বাদ যাত্ৰা”ৰ অংশ স্বৰূপে জোনাইত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা। ধেমাজি জিলাৰ গোগামুখৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা কালি সন্ধিয়া আহি জোনাইত সমাপ্ত হয়। মুখ্যমন্ত্ৰীৰ আগমনত জোনাই সদৰত বিপুল সংখ্যক ৰাইজৰ সমাগম ঘটে আৰু অঞ্চলটো উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে পথ, স্বাস্থ্য, শিক্ষা, খোৱা পানী আদি বিভিন্ন খণ্ডত বহু উন্নয়নমূলক আচঁনি ৰূপায়ণ কৰিছে। লগতে তেওঁ ঘোষণা কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে ৰাজ্যত দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। ইয়াৰ লগতে তেওঁ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুক পুনৰ বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় আৰু ধেমাজি জিলাৰ তিনিওটা সমষ্টি বিজেপিৰ দখললৈ আহিব বুলি আশাবাদ ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande