
কোকৰাঝাৰ, ৬ মাৰ্চ (হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ হীৰা শৰণীয়াৰ একাংশ অনুগামীয়ে অবড়ো সুৰক্ষা সমিতিৰ সভাপতিৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ অবড়ো সুৰক্ষা সমিতি, অসমত প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়াৰ একাংশ এজেণ্ট সোমাই কৌশলগতভাবে সমিতিৰ সভাপতি ললিত হেমব্ৰমৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে স্বয়ং সভাপতি ললিত হেমব্ৰমে৷
অবড়ো সুৰক্ষা সমিতি অসমৰ সভাপতি ললিত হেমব্ৰমে আজি প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া ওৰফে হীৰাৰ এজেণ্ট থকাৰ কথা উল্লেখ কৰি গভীৰ উদ্ভেগ প্ৰকাশ কৰিছে৷ অবড়ো ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিশ্চিত সুৰক্ষাৰ বাবে দীৰ্ঘদিন সংগ্ৰাম কৰি অহা সভাপতিৰ বিৰুদ্ধে অৱলম্বন কৰা কৌশলী ষড়যন্ত্ৰত অসন্তুষ্ট ললিত হেমব্ৰমে অহা ৮ মাৰ্চ তাৰিখে এটা বিশেষ সভাৰ জৰিয়তে সভাপতিৰ পদৰ পৰা পদত্যাগ কৰি নতুন এটা সমিতিক দায়িত্ব অৰ্পণ কৰিবলৈ সিদ্ধান্ত লৈছে৷
উক্ত বিশেষ সভাত অবড়ো সুৰক্ষা সমিতিৰ জন্ম লগ্নৰে পৰা সেৱা কৰি অহা প্ৰতিজন সংগ্ৰামী নেতা-কৰ্মীক চিৰাং জিলাৰ কাশিকোট্ৰাত উপস্থিত থকাৰ কাৰণে অবড়ো সুৰক্ষা সমিতি, অসমৰ সভাপতি ললিত হেমব্ৰমে আহ্বান জনাইছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ