তামুলপুৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ’ৰ ব্যাপক প্ৰস্তুতি
তামুলপুৰ, ০৫মাৰ্চ (হি.স.)। তামুলপুৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ’ৰ ব্যাপক প্ৰস্তুতি। আজি মাংগলিক পৰিৱেশত সম্পন্ন কৰা হ’ল উৎসৱৰ মূল লাইখুঁটা স্থাপনৰ কাৰ্যসূচী। ১৯ আৰু ২০ এপ্ৰিলত তামুলপুৰ মহাবিদ্যালয় খেলপথাৰত অনু
তামুলপুৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ’ৰ ব্যাপক প্ৰস্তুতি


তামুলপুৰ, ০৫মাৰ্চ (হি.স.)। তামুলপুৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ’ৰ ব্যাপক প্ৰস্তুতি। আজি মাংগলিক পৰিৱেশত সম্পন্ন কৰা হ’ল উৎসৱৰ মূল লাইখুঁটা স্থাপনৰ কাৰ্যসূচী। ১৯ আৰু ২০ এপ্ৰিলত তামুলপুৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব ‘কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ-২০২৬’। তাৰেই প্ৰাক-ক্ষণত আজি ভক্তিপূৰ্ণ পৰিৱেশত লাইখুঁটা স্থাপন কৰা হয়।

তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়োৱে শুভ লাইখুঁটা স্থাপন কৰাৰ বিপৰীতে গোসাঁই ঘৰৰ মূল খুঁটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদক লোহিত চন্দ্ৰ দাসে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত উক্ত উৎসৱক কেন্দ্ৰ কৰি বৰ্তমান ব্যাপক উছাহ তামুলপুৰত।

আজি মাংগলিক প্ৰথাৰে লাইখুঁটা স্থাপন কৰি আমি উৎসৱৰ কাম আৰম্ভ কৰিছোঁ। অহা ১৯ আৰু ২০ এপ্ৰিলত সকলো জাতি-জনগোষ্ঠীৰ লোককে আমি এই মিলন উৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ।এইবেলি শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই স্বাভিমানৰ উৎসৱে তামুলপুৰত সম্প্ৰীতিৰ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী ৰাইজ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande