আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসঃ ভাৰতীয় মহিলা খেলুৱৈয়ে ছয়খন খেলৰ সলনি কৰিছে পৰিৱেশ
নতুন দিল্লী, ০৫ মাৰ্চ (হি.স.)। এইবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে #GiveToGain, য''ত ভাৰতীয় ক্ৰীড়াৰ এক গুৰুত্বপূৰ্ণ সত্যক উজ্জ্বল কৰি তোলা হৈছে। যেতিয়া মহিলা খেলুৱৈসকলে সঠিক বিনিয়োগ, সুযোগ, আৰু শক্তিশালী সমৰ্থন লাভ কৰে, তেতিয়া তে
कैप्टन अस्मिता हांडा


নতুন দিল্লী, ০৫ মাৰ্চ (হি.স.)। এইবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে #GiveToGain, য'ত ভাৰতীয় ক্ৰীড়াৰ এক গুৰুত্বপূৰ্ণ সত্যক উজ্জ্বল কৰি তোলা হৈছে। যেতিয়া মহিলা খেলুৱৈসকলে সঠিক বিনিয়োগ, সুযোগ, আৰু শক্তিশালী সমৰ্থন লাভ কৰে, তেতিয়া তেওঁলোকে কেৱল অভিলেখ গঢ়ি তোলাই নহয়, সমগ্ৰ ক্ৰীড়া পৰিৱেশটোক ৰূপান্তৰিত কৰাৰ সম্ভাৱনাও প্ৰদৰ্শন কৰে। আজি ভাৰতীয় মহিলা খেলুৱৈসকলে বহু খেলত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে, বিশ্বৰ মঞ্চত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ব খিতাপ জয় কৰাৰ পৰা আৰম্ভ কৰি সংগ্ৰামৰ প্ৰেৰণাদায়ক কাহিনী লিখালৈকে এই খেলুৱৈসকলে নতুন প্ৰজন্মৰ বাবে আদৰ্শ দাঙি ধৰিছে।

ছয়টা খেলৰ সন্ধান কৰোঁ আহক য’ত ভাৰতীয় মহিলাসকলে ক্ৰীড়াৰ জগতখনত এক নতুন অধ্যায় লিখিছে।

ক্ৰিকেটঃ বিশ্বকাপ জয়ৰ সৈতে এক সোণালী যুগ

ভাৰতৰ মহিলা ক্ৰিকেটে এক নতুন আৰু ৰোমাঞ্চকৰ যুগত প্ৰৱেশ কৰিছে। ক্ৰমাৎ বৃদ্ধি পোৱা জনপ্ৰিয়তা, শক্তিশালী লীগ গাঁথনি আৰু আন্তঃৰাষ্ট্ৰীয় সফলতাই এই ক্ৰীড়াক এক নতুন পৰিচয় দিছে। এই সফলতাৰ কেন্দ্ৰবিন্দু হৰমনপ্ৰীত কৌৰ, যিয়ে ভাৰতক প্ৰথমবাৰৰ বাবে আই চি চি মহিলা বিশ্বকাপ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছিল। এই বিজয়ে সমগ্ৰ দেশতে মহিলা ক্ৰিকেটৰ প্ৰতি উৎসাহ আৰু সমৰ্থন জগাই তুলিছিল।

তাৰকা বেটছমেন স্মৃতি মান্ধানাইও তাৰকাময় প্ৰদৰ্শনেৰে দলৰ সফলতাত যথেষ্ট অৰিহণা যোগাইছিল। ভাৰতৰ বিশ্বকাপ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি পৰৱৰ্তী সময়ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক দ্বিতীয়বাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে। ইয়াৰ লগে লগে আৰ চি বি পুৰুষৰ আই পি এল আৰু মহিলা ডব্লিউ পি এল দুয়োটা খিতাপ জয় কৰা প্ৰথমটো ফ্ৰেঞ্চাইজি হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলত জেমিমাহ ৰড্ৰিগেছে নিৰ্ণায়ক প্ৰদৰ্শন আগবঢ়াই ভাৰতক ফাইনেললৈ লৈ যোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত খেলুৱৈৰ স্থান পূৰণ কৰি ছাফালী ভাৰ্মাই এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

হকী: অভিজ্ঞতা, নেতৃত্ব আৰু সামঞ্জস্যতাৰ শক্তি

শক্তিশালী নেতৃত্ব আৰু ধাৰাবাহিক প্ৰদৰ্শনৰ বাবেই ভাৰতীয় মহিলা হকী দলটোৱে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে। ভাৰতীয় আক্ৰমণৰ মূল কগ হৈ পৰিছে ফৰৱাৰ্ড নৱনীত কৌৰ। ১০০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নৱনীতে শেহতীয়াকৈ এছ জি পাইপাৰ্ছক নেতৃত্ব দি প্ৰথমখন হকী ইণ্ডিয়া লীগ খিতাপ দখল কৰি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। অধিনায়ক তথা গ’লৰক্ষক সবিতা পুনিয়া ভাৰতীয় দলৰ ৰক্ষণাবেক্ষণৰ এক শক্তিশালী স্তম্ভ। ৩০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা সবিতাই তিনিখন এছিয়ান গেমছত পদক লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শেহতীয়াকৈ এই ক্ৰীড়াৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰে।

স্কোয়াছ: টিনেজ ষ্টাৰৰ গ্ল’বেল ৰাইজ

মাত্ৰ ১৭ বছৰ বয়সতে বিশ্ব স্কোয়াছৰ অন্যতম ৰোমাঞ্চকৰ যুৱ প্ৰতিভা হিচাপে পৰিগণিত হৈছে অনাহত সিং। বিগত এটা বছৰত ভাৰতৰ শীৰ্ষ মহিলা স্কোয়াছ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি পি এছ এ ৱৰ্ল্ড শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেংকিং ১৮ লাভ কৰিছে।আমেৰিকাত অনুষ্ঠিত হোৱা স্কোয়াছ অন ফায়াৰ অ’পেনত প্ৰথমবাৰৰ বাবে পি এছ এ ব্ৰঞ্জ পৰ্যায়ৰ খিতাপ দখল কৰি তেওঁৰ আকৰ্ষণীয় ফৰ্ম আৰু অধিক শক্তিশালী হৈ উঠিছিল।

দৌৰা: সহনশীলতা আৰু প্ৰেৰণাৰ অসাধাৰণ কাহিনী

প্ৰতিযোগিতামূলক ক্ৰীড়াৰ বাহিৰেও ভাৰতীয় মহিলাসকলে সহনশীল ক্ৰীড়াত প্ৰেৰণাদায়ক কাহিনী লিখিছে। দেশজুৰি দৌৰবিদসকলৰ বাবে প্ৰেৰণা যোগাবলৈ সক্ষম হৈছে বাণিজ্যিক বিমান সংস্থাৰ পাইলট কেপ্তেইন অস্মিতা হাণ্ডা। টাটা মুম্বাই মাৰাথনত নিয়মীয়া পেচাৰ হিচাপে তেওঁ লাডাখ, বেংগালুৰু, দিল্লী, আৰু কলকাতাত মাৰাথন দৌৰ সম্পূৰ্ণ কৰিছে, আনকি ২০২৫ চনত কিলিমঞ্জাৰো পৰ্বত সফলতাৰে আৰোহণ কৰিছে।একেদৰে ৰোশনী গুহাঠাকুৰ্তাৰ কাহিনী সঁচাকৈয়ে প্ৰেৰণাদায়ক। জন্মৰ পৰাই ক্লাবফুট থকাৰ পিছতো দৌৰাৰ জৰিয়তে তাই নিজৰ জীৱনটোক নতুন ৰূপ দিছিল। ২০ কেজিতকৈ অধিক ওজন কমোৱাৰ পিছত এতিয়া তিনিবাৰকৈ টাটা মুম্বাই মাৰাথন সম্পূৰ্ণ কৰিছে।

মটৰস্প’ৰ্ট: ট্ৰেকত দ্ৰুতগতিত পৰিৱৰ্তিত পৰিৱেশ

ভাৰতত মটৰস্পৰ্টছত মহিলাৰ অংশগ্ৰহণো দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতীয় ৰেচিং ফেষ্টিভেলে প্ৰতিটো দলৰ বাবে এগৰাকী মহিলা চালক থকাটো বাধ্যতামূলক কৰি এই পৰিৱৰ্তন ত্বৰান্বিত কৰিছে। এই পৰিৱৰ্তনৰ প্ৰতীক হিচাপে গোৱা ষ্ট্ৰীট ৰেচত জয়ী হৈ ইতিহাস ৰচনা কৰা ফেবিয়ান ৱহলৱেণ্ডে আই আৰ এলত দৌৰত জয়ী হোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়। ভাৰতৰ নৱ প্ৰজন্মও দ্ৰুতগতিত উত্থান ঘটিছে। ছুইডেনত অনুষ্ঠিত হ’বলগীয়া ৰেচিং উইমেন গ্ল’বেল কম্পিটিচন ২০২৫-২৬ৰ বাবে নিৰ্বাচিত হৈছে মুম্বাইৰ ৰাছি শ্বাহ। ইফালে অৱনী বীৰমন্নেনি ভাৰতৰ কনিষ্ঠতম ফৰ্মুলা ৪ ৰেচাৰ হিচাপে পৰিগণিত হৈছে। শ্ৰীনগৰৰ ১২ বছৰীয়া আতিকা মিৰেও চেম্পিয়নছ অৱ দ্য ফিউচাৰ একাডেমীৰ খিতাপ দখল কৰি আন্তঃৰাষ্ট্ৰীয় কাৰ্টিং খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰে।

জুডো: মণিপুৰৰ পৰা উত্থান ঘটিছে এক নতুন শক্তি

জুডোত ভাৰতৰ ভৱিষ্যত দুগৰাকী প্ৰতিভাৱান মণিপুৰী খেলুৱৈ— লিন্থোই চানাম্বম আৰু টাইবাংনাবি চানুৰ হাতত। লিণ্টোইয়ে বিশ্ব কেডেট জুডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে, তেনে কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ বিশ্ব জুনিয়ৰ জুডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি নিজৰ প্ৰতিভাক আৰু অধিক প্ৰমাণ কৰে। একেখন প্ৰতিযোগিতাতে ৫২ কেজি শাখাত ৰূপৰ পদক লাভ কৰি টাইবাংনাবি চানুৱে বিশ্ব মঞ্চত নিজৰ শক্তিশালী উপস্থিতি অনুভৱ কৰাইছিল। বৰ্তমান দুয়োগৰাকী খেলুৱৈয়ে ইনস্পাইৰ ইনষ্টিটিউট অৱ স্প’ৰ্টছ (আই আই এছ)ত প্ৰশিক্ষণ লৈ আছে আৰু অনাগত বছৰবোৰত ভাৰতৰ বাবে ডাঙৰ পদক লাভৰ আশাৰ সঞ্চাৰ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande