ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰাংগ ধৰ বৰুৱাৰ স্মৃতিচাৰণ গ্ৰন্থ উন্মোচন
ডিব্ৰুগড়, ০৫ মাৰ্চ (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰাংগ ধৰ বৰুৱাৰ স্মৃতিচাৰণ গ্ৰন্থ উন্মোচন । অধ্যাপক গৌৰাংগ ধৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে ড° ৰাজীৱ বৰদলৈৰ সম্পাদিত স্মৃতিধাৰা, অসমৰ দ্বাৰা প্ৰকাশিত গ্রন্থ অধ্যাপক গৌৰাংগ ধৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰাংগ ধৰ বৰুৱাৰ স্মৃতিচাৰণ গ্ৰন্থ উন্মোচন


ডিব্ৰুগড়, ০৫ মাৰ্চ (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰাংগ ধৰ বৰুৱাৰ স্মৃতিচাৰণ গ্ৰন্থ উন্মোচন । অধ্যাপক গৌৰাংগ ধৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে ড° ৰাজীৱ বৰদলৈৰ সম্পাদিত স্মৃতিধাৰা, অসমৰ দ্বাৰা প্ৰকাশিত গ্রন্থ অধ্যাপক গৌৰাংগ ধৰ বৰুৱা

সময়ৰ দলিচাত বুটা-বচা এক ঐতিহ্য শীৰ্ষক গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। তদুপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গেলাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড০ পৰমানন্দ মহন্তই। উক্ত অনুষ্ঠানত ড০ কুঞ্জলতা দেউৰী, ড০ ভূপেন্দ্ৰ নাথ শইকীয়া, ড০ প্ৰবীণ কুমাৰ গগৈয়ে অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটোৰ সভাপতিত্ব কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ উমানন্দ দেৱ গোস্বামীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে স্মৃতিধাৰা অসমৰ সভাপতি দিপক বৰ্মনে অভ্যাসত সকলক সম্ভাষণ জ্ঞাপন কৰে। আদৰণি ভাষণ আগবঢ়ায় স্মৃতিধাৰা অসমৰ সম্পাদক ড০ গুণাৰাম নাথে। আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে স্মৃতিধাৰা অসমৰ কাৰ্যকৰী সভাপতি ৰোহিনী কুমাৰ বুঢ়াগোহাঁয়ে। উক্ত অনুষ্ঠানত গৌৰাংগ ধৰ বৰুৱাৰ ভালে সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী, গৱেষক ছাত্ৰ ছাত্ৰী, শুভাকাংখী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande