তেজপুৰত অসম যুৱ পৰিষদৰ সংকল্প যাত্ৰা
শোণিতপুৰ, ০৫ মাৰ্চ (হি.স.)। তেজপুৰত আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে শোণিতপুৰ জিলা যুৱ পৰিষদ আৰু তেজপুৰ বিধানসভা সমষ্টি যুৱ পৰিষদৰ উদ্যোগত সংকল্প যাত্ৰা শীৰ্ষক মটৰ চাইকেল শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়
তেজপুৰত অসম যুৱ পৰিষদৰ সংকল্প যাত্ৰা


শোণিতপুৰ, ০৫ মাৰ্চ (হি.স.)। তেজপুৰত আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে শোণিতপুৰ জিলা যুৱ পৰিষদ আৰু তেজপুৰ বিধানসভা সমষ্টি যুৱ পৰিষদৰ উদ্যোগত সংকল্প যাত্ৰা শীৰ্ষক মটৰ চাইকেল শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই, কাৰ্যকৰী সভাপতি হৃষীকেশ শৰ্মা, অগপৰ উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, অগপৰ শোণিতপুৰ জিলা সভাপতি ৰাতুল কুমাৰ নাথে।সংকল্প যাত্ৰাত অংশগ্ৰহণকৰা সকলে কয় যে তেজপুৰ অগপৰ অভেদ্য দুৰ্গ আৰু অগপৰ সাংগঠনিক ভেটি ইয়াত বৰ্তমানেও সৱল৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande