হৰিনামৰ ধ্বনিৰে মুখৰিত শিৱসাগৰ খেলুৱাৰ বৰনামঘৰ
শিৱসাগৰ, ০৫মাৰ্চ (হি.স.)। হৰিনামৰ ধ্বনিৰে মুখৰিত শিৱসাগৰ খেলুৱাৰ বৰনামঘৰ ৷ আজিৰপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত পাঠ আৰু ইয়াৰ ব্যাখ্যা ৷ সামৰণিৰ দিনা পৰিৱেশন হ’ব ভাওনা ৷ আজিৰে পৰা তিনিদিনীয়াকৈ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ খেলুৱা বৰনামঘ
হৰিনামৰ ধ্বনিৰে মুখৰিত শিৱসাগৰ খেলুৱাৰ বৰনামঘৰ


শিৱসাগৰ, ০৫মাৰ্চ (হি.স.)। হৰিনামৰ ধ্বনিৰে মুখৰিত শিৱসাগৰ খেলুৱাৰ বৰনামঘৰ ৷ আজিৰপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত পাঠ আৰু ইয়াৰ ব্যাখ্যা ৷ সামৰণিৰ দিনা পৰিৱেশন হ’ব ভাওনা ৷

আজিৰে পৰা তিনিদিনীয়াকৈ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ খেলুৱা বৰনামঘৰত অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত পাঠ৷ খেলুৱা গাঁৱৰ ধৰ্মপ্ৰাণ ভকত-বৈষ্ণৱ,আই সকল আৰু যুৱক-যুৱতী সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজিৰ পৰা খেলুৱা বৰনামঘৰত অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত পাঠ৷ পুৱাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে খেলুৱা গাওঁৰ আকাশ বতাহ বাট পথ সকলো ৷ ৭ মাৰ্চত সামৰণিৰ দিনা স্থানীয় ৰাইজৰ দ্বাৰা প্ৰদৰ্শন হ’ব “সিন্ধু মুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ” শীৰ্ষক এখন ভাওনা৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande