ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড
হাইলাকান্দি, ০৫ মাৰ্চ (হি.স.)। ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড। ভতিজাৰ হাতত প্ৰাণ গ’ল খুড়াকৰ। ঘটনাটো হাইলাকান্দি জিলাৰ ভজন্তিপুৰ প্ৰথম খণ্ডত সংঘটিত হোৱা বুলি আৰক্ষী সুত্ৰে প্ৰকাশ। নিহত ব্যক্তি গৰাকীক আব্দুল ৰহিম
ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড


হাইলাকান্দি, ০৫ মাৰ্চ (হি.স.)। ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড। ভতিজাৰ হাতত প্ৰাণ গ’ল খুড়াকৰ।

ঘটনাটো হাইলাকান্দি জিলাৰ ভজন্তিপুৰ প্ৰথম খণ্ডত সংঘটিত হোৱা বুলি আৰক্ষী সুত্ৰে প্ৰকাশ। নিহত ব্যক্তি গৰাকীক আব্দুল ৰহিম শ্বেখ বুলি চিনাক্ত কৰা হৈছে।

দীৰ্ঘদিন ধৰি ভূমি বিবাদ আছিল খুৰাক আৰু ভটিজাকৰ মাজত। আজিও ভূমিক কেন্দ্ৰ কৰি খুড়া-ভতিজাৰ মাজত প্ৰথমে তৰ্কাতৰ্কি, পিছত দুয়োৰে মাজত সংঘৰ্ষৰ সৃষ্টি। ভতিজাকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় খুড়াক। পিছত হাইলাকান্দি জিলাৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে খুৰাক আব্দুল ৰহিম শ্বেখক ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ৰখা হৈছে মৃতদেহটো। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande