
হাইলাকান্দি, ০৫ মাৰ্চ (হি.স.)। হাইলাকান্দিত উদ্ধাৰ এটা মৃতদেহ। টেমপুৰ বজাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। মৃত যুৱক জনক কাটলিছেৰাৰ সিন্টু দাস বুলি চিনাক্ত কৰা হৈছে। হোলি খেলিবলৈ টেমপুৰ স্থিত মামাকৰ ঘৰলৈ বুলি আহিছিল নিহত যুৱক জন।
কোনো আটতায়ী হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাক কেন্দ্ৰ কৰি টেমপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক অবগত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে। মৃতদেহটো জিম্মাত লৈ আৰক্ষী মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে যুৱক জনক হত্যা কৰা হৈছে নে যুৱক জনে আন কোনো কাৰণত মৃত্যুবৰণ কৰিছে এই বিষয়ে স্পষ্ট হব বুলি আৰক্ষী বিষয়া গৰাকী সংবাদ মাধ্যমক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা