
নতুন দিল্লী, ০৫ মাৰ্চ (হি.স.)। ভাৰতীয় প্ৰতিযোগিতা আয়োগে জেনেৰেলি চেণ্ট্ৰেল ইনশ্বুৰেন্স কোম্পানী লিমিটেড আৰু জেনেৰেলি চেণ্ট্ৰেল লাইফ ইনশ্বুৰেন্স কোম্পানী লিমিটেডৰ অতিৰিক্ত শ্বেয়াৰহোল্ডিং ভাৰতীয় কেন্দ্ৰীয় বেংকৰ অধিগ্ৰহণৰ বাবে অনুমোদন জনাইছে। আয়োগৰ বিশদ আদেশ পিছত জাৰি কৰা হ’ব।
ভাৰতীয় প্ৰতিযোগিতা আয়োগে বৃহস্পতিবাৰে এক বিবৃতিত প্ৰকাশ কৰিছে যে এই প্ৰস্তাৱিত সংমিশ্ৰণ ভাৰতীয় কেন্দ্ৰীয় বেংকে জেনেৰেলি চেণ্ট্ৰেল ইনশ্বুৰেন্স কোম্পানী লিমিটেডৰ (জিচিআইচিএল) অতিৰিক্ত ১.০৯% ইকুইটি অংশীদাৰিত্ব আৰু জেনেৰেলি চেণ্ট্ৰেল লাইফ ইনশ্বুৰেন্স কোম্পানী লিমিটেডৰ (জিচিএলআইচিএল) অতিৰিক্ত ০.৮২% ইকুইটি অংশীদাৰিত্ব অধিগ্ৰহণৰ সৈতে জড়িত।
ভাৰতীয় কেন্দ্ৰীয় বেংকে জমা ধন গ্ৰহণ, ঋণ প্ৰদান, আৰু সংশ্লিষ্ট বিত্তীয় সেৱা প্ৰদানকে ধৰি ভাৰতত বেংকিং সেৱা প্ৰদান কৰে। জেনেৰেলি চেণ্ট্ৰেল ইনশ্বুৰেন্স কোম্পানী লিমিটেডে ভাৰতত সাধাৰণ বীমা সেৱা আগবঢ়ায়, আৰু জেনেৰেলি চেণ্ট্ৰেল লাইফ ইনশ্বুৰেন্স কোম্পানী লিমিটেডে জীৱন বীমা সেৱা আগবঢ়ায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া