
গুৱাহাটী, ০৫ মাৰ্চ (হি.স.)। গুৱাহাটীৰ দিছপুৰৰ অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ (পাৰ্ছনেল-এ) জাৰি কৰা এক অধিসূচনাত ৰাজ্য চৰকাৰৰ ভিতৰতে বৃহৎ প্ৰশাসনিক সালসলনি কৰা হৈছে বুলি আজি প্ৰকাশ পাইছে । ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ঠিক সময়ত এই বদলি । বুধবাৰে অসম চৰকাৰৰ সচিব কৰ্মচাৰী (ক) মনিতা বৰগোহাঁইৰ স্বাক্ষৰিত এই অধিসূচনাত জিলা উপায়ুক্ত আৰু সচিব পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীক বদলি কৰা হৈছে ।
বদলি হোৱা ৰাজহুৱা সেৱকসকলৰ ভিতৰত আছে পাৰ্থ প্ৰতিম মজুমদাৰ (আই এ এছ) বজালীৰ জিলা উপায়ুক্ত হিচাপে। অসম চৰকাৰৰ সম্পাদক হিচাপে নৰেন্দ্ৰ কুমাৰ শ্বাহ (আই এ এছ) । লখিমপুৰৰ জিলা উপায়ুক্ত হিচাপে আদিত্য বিক্ৰম যাদৱ (আই এ এছ) । প্ৰীতি কুমাৰী (আই এ এছ)ক পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত হিচাপে। আয়ুষী জৈনক বদলি কৰি দৰঙৰ জিলা উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
একেদৰে মীনাক্ষী দাস নাথক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত চিইঅ’ৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। পুবলী গোহাঁইক বদলি কৰি গোলাঘাটৰ জিলা উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। সাৰংগা পানী শৰ্মাক বদলি কৰি অসম চৰকাৰৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। গৌতম দাস (এ চি এছ)ক বদলি কৰি অসম চৰকাৰৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।
যতীন বৰা (এ চি এছ)ক বদলি কৰি অসম চৰকাৰৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰণৱ জিত কাকোটিক বদলি কৰি অসম চৰকাৰৰ অতিৰিক্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। পৰাগ কুমাৰ কাকোটিক বদলি কৰি অসম চৰকাৰৰ অতিৰিক্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। মৃদুল কুমাৰ দাস (এ চি এছ)ক বদলি কৰি অসম চৰকাৰৰ অতিৰিক্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। ধীৰাজ ছাউদক বদলি কৰি বাকছাৰ জিলা উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। গকুল চন্দ্ৰ ব্ৰহ্মক বদলি কৰি চিৰাং জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ