হাফলঙত বিবেকানন্দ বিদ্যালয় আৰু সৰস্বতী বিদ্যা মন্দিৰৰ বাবে নতুন অট্টালিকা উদ্বোধন
হাফলং, ০৫ মাৰ্চ (হি.স.)। ডিমা হাছাও জিলাৰ বড়ো হাফলঙত বিবেকানন্দ বিদ্যালয় আৰু সৰস্বতী বিদ্যা মন্দিৰৰ বাবে নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয় ভৱনসমূহ বৃহস্পতিবাৰে উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। উত্তৰ-পূব পৰিষদৰ আৰ্থিক সাহায্যত বিবেকানন
Assam Governor Lakshman Prasad Acharya Inaugurating School Buildings at Haflong.


হাফলং, ০৫ মাৰ্চ (হি.স.)। ডিমা হাছাও জিলাৰ বড়ো হাফলঙত বিবেকানন্দ বিদ্যালয় আৰু সৰস্বতী বিদ্যা মন্দিৰৰ বাবে নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয় ভৱনসমূহ বৃহস্পতিবাৰে উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। উত্তৰ-পূব পৰিষদৰ আৰ্থিক সাহায্যত বিবেকানন্দ বিদ্যালয় ভৱন নিৰ্মাণ কৰা হয়।

এই উপলক্ষে ৰাজ্যপালগৰাকীয়ে কয় যে পাহাৰীয়া আৰু জনজাতীয় অঞ্চলত আধুনিক শৈক্ষিক আন্তঃগাঁথনি নিৰ্মাণ কৰাটো গুণগত শিক্ষাৰ সম্প্ৰসাৰণ আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । তেওঁ শিক্ষাৰ জৰিয়তে জনজাতীয় জনগোষ্ঠীসমূহক মূলসুঁতিলৈ একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই অনুষ্ঠানত ৰাজ্যখনৰ প্ৰথম মহিলা কুমুদ দেৱী, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছা, এন চি হিলছ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande