ধেমাজিৰ পৰা পুনৰ আৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা, উষ্ম আদৰণি
ধেমাজি, ০৫ মাৰ্চ (হি.স.)। ধেমাজি জিলাৰ পৰা বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ শুভাৰম্ভ কৰে জন আশীৰ্বাদ যাত্ৰা। হোলীৰ বাবে ৩ আৰু ৪ মাৰ্চত এই যাত্ৰা স্থগিত ৰখা হৈছিল। চতুৰ্থ দিনত এই যাত্ৰা পুনৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। আ
असम प्रदेश भाजपा द्वारा आयोजित जन आशीर्वाद यात्रा में हिस्सा लेते मुख्यमंत्री


ধেমাজি, ০৫ মাৰ্চ (হি.স.)। ধেমাজি জিলাৰ পৰা বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ শুভাৰম্ভ কৰে জন আশীৰ্বাদ যাত্ৰা। হোলীৰ বাবে ৩ আৰু ৪ মাৰ্চত এই যাত্ৰা স্থগিত ৰখা হৈছিল। চতুৰ্থ দিনত এই যাত্ৰা পুনৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যবাসীৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰি মুখ্যমন্ত্ৰীয়ে এই যাত্ৰা হাতত লৈছে। নিৰ্ধাৰিত সময়ত ধেমাজিৰ পৰা ছিচিবৰ আৰু জোনাই অভিমুখে ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী।

এই যাত্ৰাৰ সময়ত বিভিন্ন স্থানত বৃহৎ সংখ্যক লোকে পথৰ দাঁতিত গোট খাই মুখ্যমন্ত্ৰীৰ আভাস পাবলৈ আৰু সমৰ্থন প্ৰকাশ কৰে। মুখ্যমন্ত্রীৰ কনভয়ে বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে জিলাখনৰ কেইবাটাও স্থানত ভিৰ কৰা দেখা গ’ল৷ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায়।

ৰাজ্যিক বিজেপিৰ উদ্যোগত আয়োজিত জন আশীৰ্বাদ যাত্ৰাৰ লক্ষ্য হৈছে সমগ্ৰ অসমৰ জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন আৰু জনসমৰ্থন শক্তিশালী কৰা। ধেমাজি জিলাৰ এই পৰ্যায়ৰ যাত্ৰাত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰিছে।

মুখ্যমন্ত্রীগৰাকীৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ আন কেইবাজনো জ্যেষ্ঠ নেতাও আছে ৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande