শিৱসাগৰ জিলাত থকা আহোম ৰাজত্বৰ পৌৰাণিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু শোভাবৰ্দ্ধনৰ দাবী আটাছুৰ
শিৱসাগৰ, ০৫ মাৰ্চ (হি.স.)। শিৱসাগৰ জিলাত অৱস্থিত ছশ বছৰীয়া আহোম ৰাজত্বৰ চানেকি বহন কৰা পৌৰাণিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু শোভাবৰ্দ্ধনৰ দাবী। শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰে শিৱসাগৰ জিলা সমিতিৰ সভাপতি,সম্পাদক ক
শিৱসাগৰ জিলাত থকা আহোম ৰাজত্বৰ পৌৰাণিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু শোভাবৰ্দ্ধনৰ দাবী আটাছুৰ


শিৱসাগৰ, ০৫ মাৰ্চ (হি.স.)। শিৱসাগৰ জিলাত অৱস্থিত ছশ বছৰীয়া আহোম ৰাজত্বৰ চানেকি বহন কৰা পৌৰাণিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু শোভাবৰ্দ্ধনৰ দাবী। শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰে শিৱসাগৰ জিলা সমিতিৰ সভাপতি,সম্পাদক ক্ৰমে অখিল আহোম আৰু পাৰ্থ গগৈয়ে। সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰা হয়।

ঐতিহাসিক যমুনা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ সমান্তৰালকৈ যমুনাক বেদখলমুক্ত কৰাৰো দাবী। যমুনা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প শীঘ্ৰেই বিধায়ক অখিল গগৈক কাৰ্যকৰী কৰাৰ দাবী। যিহেতু বিগত ১৪ ফেব্ৰুৱাৰী তাৰিখে বিধায়ক অখিল গগৈয়ে যমুনা সংৰক্ষণৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। ঐতিহাসিক কাৰেংঘৰৰ অবৈধ বেদখল মুক্ত কৰা। তলাতল ঘৰৰ ১৭৪৯ বিঘা মাটিৰ পট্টা বাতিল কৰাৰ লগতে অবৈধ বেদখল উচ্ছেদ কৰা।

ৰংগনাথ দ'ল আৰু ফাকুৱা দ'ল বেদখলমুক্ত কৰা। এছিয়াৰ প্ৰথমখন প্ৰাকৃতিক চিৰিয়াখানা পহুগড়ক উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰা। উক্ত ঐতিহাসিক কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগে দায়িত্ব পালন নকৰাৰ অভিযোগ। দীৰ্ঘদিন ধৰি সদৌ তাই আহোম ছাত্ৰ সন্থাই এই দাবীসমূহ কাৰ্যকৰী কৰাৰ বাবে দাবী জনাই আহিছে যদিও আজিকোপতি চৰকাৰ প্ৰশাসনে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই।

বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত বহু সংখ্যক সম্পদ তথা স্থাপত্য-ভাস্কৰ্য নিঃশেষ হোৱাৰ পথত বুলি অভিযোগ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ।অনাগত সাত দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান।

উক্ত বিষয় সমূহৰ ওপৰত শীঘ্ৰে গুৰুত্ব প্ৰদানৰ বাবে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় পুৰাতত্ব বিভাগ,ৰাজ্যিক পুৰাতত্ব বিভাগ,অসম চৰকাৰৰ মুখ্য সচিব,আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande