
শ্ৰী ভূমি, ০৫ মাৰ্চ (হি.স.)। পাথাৰকান্দি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।অভিযানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট। জব্দ কৰা য়াবা টেবলেটৰ বজাৰ মূল্য দুই কোটিৰ অধিক । মিজোৰামৰ পৰা লৈ অনাৰ সময়ত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰা হয়। উক্ত ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত আৰক্ষীয়ে এজনক আটক কৰিছে।
গোপন সূত্ৰৰ ভিত্তিত পাথাৰকান্দি থানাৰ আৰক্ষী বিষয়া মানসজ্যোতি বড়োৰ নেতৃত্বত আৰক্ষীয়ে দোহালিয়া শিৱবাৰী অঞ্চলত অভিযান চলায়। সেই সময়তে ৰাতাবাড়ীৰ দিশৰ পৰা অহা এএছ ১০জি ৭২৪৫ নম্বৰৰ এখন ৱেগনাৰ গাড়ীত তালাচি চলাই বিপুল পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিব সক্ষম হয়। জব্দ কৰা প্ৰায় ২০ হাজাৰ য়াবা টেবলেটৰ কলাবজাৰত মূল্য আনুমানিক ২ কোটি টকাৰো অধিক। লগতে গাড়ী খনৰ চালক গুলজাৰ আহমেদকো আৰক্ষীয়ে আটক কৰিছে।
আৰক্ষীৰ উক্ত সফলতাত সাধাৰণ ৰাইজে শলাগ লৈছে অৱশ্যে স্থানীয় সচেতন নাগৰিক সকলে দোহালিয়া আৰক্ষী শিবিৰত আৰক্ষীৰ সংখ্যা বৃদ্ধি কৰাৰ দাবী জনাই স্থানীয় বিধায়ক তথা মন্ত্ৰী কৃষ্ণেন্দু পালৰ দৃষ্টি আকৰ্ষণ কৰিছে।
সীমান্তৱৰ্তী অঞ্চলৰে গঢ়ি উঠা ড্ৰাগছৰ নেটৱৰ্ক ভাঙিবলৈ পাথাৰকান্দি আৰক্ষীৰ এই তৎপৰতা আগন্তুক দিনত কিমান প্ৰভাৱ পেলায় সেইটো হব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা