মমতা বেনাৰ্জীৰ চিইচিলৈ চিঠি, বংগৰ ভোটাৰ তালিকাত অনিয়মৰ অভিযোগ
কলকাতা, ৩১ মাৰ্চ (হি.স.)। ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে পুনৰবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ পত্ৰ লিখিছে । ৰাজ্যৰ ভোটাৰ তালিকাত বৃহৎ পৰিসৰত হেতালি খেলাৰ চেষ্টা চলোৱ
ममता


কলকাতা, ৩১ মাৰ্চ (হি.স.)। ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে পুনৰবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ পত্ৰ লিখিছে । ৰাজ্যৰ ভোটাৰ তালিকাত বৃহৎ পৰিসৰত হেতালি খেলাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মমতা বেনাৰ্জীয়ে তেওঁৰ পত্ৰত লিখিছে যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ লগতে বিভিন্ন জিলাত বৃহৎ সংখ্যক ফৰ্ম-৬ দাখিল কৰা হৈছে বুলি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছে। তেওঁৰ মতে, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া যেন নালাগে, বৰঞ্চ পশ্চিম বংগৰ বাসিন্দা নোহোৱা লোকৰ নাম যোগ কৰাৰ প্ৰয়াসহে।

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপিৰ সৈতে জড়িত লোকসকলে ভোটাৰ তালিকাত বাহিৰৰ লোকক অন্তৰ্ভুক্ত কৰিবলৈ হাজাৰ হাজাৰ ভুৱা ফৰ্ম-৬ আৱেদন দাখিল কৰিছে। ভোটাৰক হাইজেক কৰাৰ প্ৰয়াস বুলিও কয় ছানীয়ে। বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী আদিৰ নিৰ্বাচনতো এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে।

মমতা বেনাৰ্জীয়ে আৰু লিখিছে যে জনসাধাৰণৰ গণতান্ত্ৰিক আৰু মৌলিক অধিকাৰ উলংঘা কৰা যিকোনো সাংবিধানিক প্ৰতিষ্ঠানে গুৰুতৰ চিন্তাৰ বিষয়। বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ইয়াৰ ফলত বহু লোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে আৰু প্ৰায় ২০০ লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।

ৰাজ্যত বলবৎ থকা আদৰ্শ আচৰণ বিধিৰ বাবে মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী হিচাপে নহয়, নিজৰ দলৰ মুৰব্বী হিচাপে এই পত্ৰখন তৃণমূল কংগ্ৰেছৰ লেটাৰহেডত লিখিছিল। নিৰ্বাচন আয়োগৰ শীঘ্ৰে হস্তক্ষেপ আৰু কথিত অনিয়ম বন্ধ কৰিবলৈ দাবী জনায় বেনাৰ্জীয়ে।

মঙলবাৰে পশ্চিম মিদনাপুৰৰ চন্দ্ৰকোনাত একেটা বিষয়ক লৈ এক ৰাজহুৱা সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে তালিকাৰ পৰা বৃহৎ সংখ্যক ভোটাৰৰ নাম আঁতৰাই দিয়া হৈছে, আনহাতে আন ৰাজ্যৰ নাম যোগ কৰাৰ চেষ্টা চলোৱা হৈছে। বিহাৰ, ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পৰা নাম অনাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও কয় বেনাৰ্জীয়ে।

এদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ গৈছিল। ওলাই আহি তেওঁ অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে বস্তাত ফৰ্ম-৬ জমা দিবলৈ আহিছিল, আন ৰাজ্যৰ ভোটাৰক পশ্চিম বংগৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যেৰে। লগতে মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালাই কাৰ্যালয়ৰ চিচিটিভি ফুটেজ জনসাধাৰণৰ আগত প্ৰকাশ কৰিবলৈ দাবী জনায়।

ভোটাৰ তালিকাত নতুন নাম যোগ কৰিবলৈ ফৰ্ম-৬ ব্যৱহাৰ কৰা হয়। ইয়াক মূলতঃ দুটা শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰে: প্ৰথমবাৰৰ বাবে ভোটদান কৰা আৰু এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ যোৱাসকলে। এই প্ৰ-পত্ৰৰ লগতে প্ৰয়োজনীয় বয়স আৰু বাসস্থানৰ প্ৰমাণ পত্ৰ জমা দিয়াটো ভোটাৰ পঞ্জীয়নৰ বাবে এক বাধ্যতামূলক প্ৰক্ৰিয়া।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande