
বেলাৰী, ৩১ মাৰ্চ (হি.স.)। ভাৰতীয় কাবাডী খেলুৱৈ সোণালী শ্বিংগেটেই আগন্তুক ২০২৬ এছিয়ান গেমছৰ পূৰ্বে চলি থকা ভাৰতীয় মহিলা কাবাডী দলৰ ৰাষ্ট্ৰীয় শিবিৰত বৈজ্ঞানিক প্ৰশিক্ষণ আৰু পুনৰুদ্ধাৰক প্ৰদৰ্শন উন্নত কৰাৰ মূল চাবিকাঠি বুলি অভিহিত কৰিছে। বেলাৰীৰ ইনস্পাইৰ ইনষ্টিটিউট অৱ স্প’ৰ্টত অনুষ্ঠিত এই উচ্চ প্ৰদৰ্শন শিবিৰত অংশগ্ৰহণ কৰিছে দলটোৰ সম্ভাৱ্য খেলুৱৈসকলে।
২০২৫ চনৰ কাবাডী বিশ্বকাপ (ঢাকা)ত স্বৰ্ণ পদক আৰু ২০১৮ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটোৰ অংশ হিচাপে থকা সোণালী শ্বিংগেটে কয় যে এইবাৰৰ প্ৰশিক্ষণত বিশেষভাৱে শক্তি আৰু কণ্ডিচনিংৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিটো খেলুৱৈসকলৰ বাবে এক নতুন অভিজ্ঞতা। ইয়াৰ ফলত তেওঁলোকে ভালদৰে প্ৰশিক্ষণ লোৱা আৰু তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰিছে বুলিও কয় খেলুৱৈগৰাকীয়ে।
প্ৰায় এক দশকৰ অভিজ্ঞতা থকা শ্বিংগেটেই বুজাই দিলে যে ২৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই শিবিৰটোত প্ৰশিক্ষণত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে আৰোগ্যৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয় যে প্ৰশিক্ষণ কঠোৰ, কিন্তু আৰোগ্য লাভ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ, আৰু ইয়াত ইয়াক ভালদৰে পৰিচালনা কৰা হৈছে, যাৰ ফলত শৰীৰে দ্ৰুতভাৱে খাপ খাব পাৰে।’
শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হোৱা ৭২ সংখ্যক ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় কাবাডী চেম্পিয়নশ্বিপত ভাৰতীয় ৰে’লৱেৰ ৰানাৰ্ছ আপ হোৱাৰ পিছত শ্বিংগেটেই কয় যে উচ্চ পৰ্যায়ৰ প্ৰদৰ্শনৰ বাবে প্ৰশিক্ষণ আৰু আৰোগ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। তাই স্বীকাৰ কৰিছিল যে পূৰ্বে আৰোগ্য আৰু কৰ্মবোজা ব্যৱস্থাপনাৰ ওপৰত পৰ্যাপ্ত গুৰুত্ব দিয়া হোৱা নাছিল, যাৰ ফলত আঘাতৰ সম্ভাৱনা বৃদ্ধি পাইছিল। অৱশ্যে এতিয়া বৈজ্ঞানিক পন্থাই খেলুৱৈসকলৰ ফিটনেছ আৰু প্ৰদৰ্শন দুয়োটাৰে উন্নতি সাধন কৰিব।
২ এপ্ৰিললৈকে চলিবলগীয়া এই শিবিৰত অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ মাজত এক সুস্থ প্ৰতিযোগিতামূলক পৰিৱেশৰ সাক্ষী হৈ আছে। শ্বিংগেটে কয় যে একেলগে প্ৰশিক্ষণে জ্যেষ্ঠ আৰু জুনিয়ৰ খেলুৱৈসকলক প্ৰেৰণা দিয়ে, যাৰ ফলত সমগ্ৰ দলটোৰ স্তৰ উন্নত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া