টোল ৰেট বৃদ্ধি ‘হাইৱে ডকাইতি’ আৰু সাধাৰণ মানুহৰ ধন চুৰিৰ সমান: কংগ্ৰেছ
বেংগালুৰু, ৩১ মাৰ্চ (হি.স.)। অহা ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব লগা ৰাষ্ট্ৰীয় ঘাইপথৰ টোল ৰেট বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ দলে। কংগ্ৰেছ দলে ইয়াক সাধাৰণ জনতাৰ ওপৰত মুদ্ৰাস্ফীতিৰ নতুন বোজা বুলি অভিহিত কৰে।
Surjewala pc

মঙলবাৰে বেংগালুৰুস্থিত ৰাজ্যিক কংগ্ৰেছ দলৰ কাৰ্যালয়ত সাংবাদিকৰ আগত ভাষণ দি কংগ্ৰেছ সাংসদ ৰনদীপ সিং সুৰজেৱালাই কয়। সুৰজেৱালাই কয় যে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা টোল ৰেট বৃদ্ধি জনসাধাৰণৰ পকেটত প্ৰত্যক্ষ আঘাত। ই ‘হাইৱে ডকাইতি’ আৰু সাধাৰণ মানুহৰ ধন চুৰিৰ সমান।

এই সিদ্ধান্তই শ্ৰমিক শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীক অধিক আৰ্থিক হেঁচাত পেলাব বুলি অভিযোগ কৰে। ইতিমধ্যে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা জনসাধাৰণৰ ওপৰত এয়া এক অতিৰিক্ত বোজা।

সুৰজেৱালাই কয় যে ২০১৯-২০ চনৰ পৰা কেৱল কৰ্ণাটকতে টোল টেক্সৰ জৰিয়তে প্ৰায় ২৩ হাজাৰ কোটি টকা সংগ্ৰহ কৰা হৈছে। নতুন ৫ শতাংশ বৃদ্ধিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত প্ৰায় ২৫০ কোটি টকাৰ অতিৰিক্ত বোজা জাপি দিব। কেন্দ্ৰীয় চৰকাৰৰ নীতিক সমালোচনা কৰি তেওঁ কয় যে টোল ৰেট বৃদ্ধি ৰাজহুৱা ধন লুণ্ঠনৰ মাধ্যমত পৰিণত হৈছে। ইয়াৰ উত্তৰ দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

 rajesh pande