বিজেপিৰ ‘উজ্জ্বলা’ আঁচনি এতিয়া ‘কাঠৰ সৌভাগ্য’লৈ ৰূপান্তৰিত হৈছেঃ ডি কে শিৱকুমাৰ
বেংগালুৰু, ৩১ মাৰ্চ (হি.স.)। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ৰন্ধন গেছৰ নাটনি আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে বিজেপিৰ ‘উজ্জ্বলা’ আঁচনি এতিয়া ‘কাঠৰ সৌভাগ্য’লৈ ৰূপান্তৰিত হৈছে । মঙলবাৰ
Dks


বেংগালুৰু, ৩১ মাৰ্চ (হি.স.)। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ৰন্ধন গেছৰ নাটনি আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে বিজেপিৰ ‘উজ্জ্বলা’ আঁচনি এতিয়া ‘কাঠৰ সৌভাগ্য’লৈ ৰূপান্তৰিত হৈছে ।

মঙলবাৰে ইয়াত কংগ্ৰেছ পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে যুদ্ধক অজুহাত হিচাপে লৈ দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ সমস্যাক আওকাণ কৰিছে । তেওঁ কয় যে ৰন্ধন গেছৰ পৰ্যাপ্ত যোগানৰ অভাৱৰ বাবে সাধাৰণ জনতাৰ লগতে হোটেল উদ্যোগটোও গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে । এয়া কেন্দ্ৰীয় চৰকাৰৰ উজ্জ্বলা আঁচনি নহয় বৰঞ্চ জনসাধাৰণক ‘কাঠৰ সৌভাগ্য’ দিয়াৰ দৰেই । পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত জনসাধাৰণৰ জীৱন যাপন কঠিন হৈ পৰিছে বুলিও তেওঁ কয় । এনে সময়ত ৰাজ্য চৰকাৰৰ গাৰাণ্টী আঁচনিবোৰ জনসাধাৰণৰ বাবে এক সহযোগিতাৰ উৎস হৈ পৰিছে।

শিৱকুমাৰে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে টোলৰ হাৰ আৰু প্ৰায় ৯০০ অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাল দিনৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, ভাল দিন ক'ত? এতিয়া 'বেয়া দিন' আহিল । লগতে তেওঁ কয় যে ১ এপ্ৰিলৰ পৰা বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক এপ্ৰিল ফুললৈ ৰূপান্তৰিত কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande