
নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। সমগ্ৰ দেশৰ গ্ৰাম্য পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে জল জীৱন মিছন ২.০ৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫খন ৰাজ্যলৈ পুঁজি মুকলি কৰি দিছে। ১০ মাৰ্চত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত এই ধনৰাশি ৰাজ্যসমূহলৈ মুকলি কৰি দিয়া হয় প্ৰয়োজনীয় মানি চলাৰ চৰ্তসমূহ পূৰণৰ অধীনত।
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, ওড়িশা, আৰু মধ্যপ্ৰদেশলৈ মুঠ ১,৫৬১.৫৩ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে ₹৭৯২.৯৩ কোটি উত্তৰ প্ৰদেশ, ₹৫৩৬.৫৩ কোটি ছত্তীশগড়, ₹১৫৪.০২ কোটি মধ্যপ্ৰদেশ, ₹৬৫.৩১ কোটি ওড়িশা, ₹১২.৭৪ কোটি মহাৰাষ্ট্ৰলৈ আবণ্টন দিয়া হৈছে।
কেবিনেটে জল জীৱন মিছন ২.০ৰ বাবে মুঠ ৮.৬৯ লাখ কোটি টকা আবণ্টন দিছে আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ অংশ ৩.৫৯ লাখ কোটি টকা। ২০১৯-২০ চনত অনুমোদিত ২.০৮ লাখ কোটি টকাৰ তুলনাত ১.৫১ লাখ কোটি ₹ বেছি। নতুন কাঠামোটোৱে সেৱা প্ৰদান ভিত্তিক আৰ্হিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত বহনক্ষম আৰু নিৰাপদ খোৱাপানী যোগান নিশ্চিত কৰিবলৈ গাঁথনিগত সংস্কাৰ কৰা হৈছে।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ধন মুকলি কৰাৰ পূৰ্বে কেইবাটাও বাধ্যতামূলক চৰ্ত পূৰণ কৰিব লাগিব। ইয়াৰ ভিতৰত সংস্কাৰ ভিত্তিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা, ‘সুজলাম ভাৰত’ জিআইএছ সংযুক্ত সম্পত্তি পঞ্জীয়নত আঁচনিসমূহৰ পৰীক্ষণ, কাৰিকৰী অনুসৰণ প্ৰমাণপত্ৰ, বিত্তীয় প্ৰান্তিককৰণ, আৰু ব্যয়ৰ মিলন আদি অন্তৰ্ভুক্ত।
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলে শেহতীয়াকৈ ৰাজ্যৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈ মিছনৰ ৰ’ডমেপ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে পানী এটা ৰাজ্যিক বিষয় আৰু মিছনৰ সফলতা নিৰ্ভৰ কৰে ৰাজ্যসমূহৰ জবাবদিহিতাৰ ওপৰত।
জাল জীৱন মিছন ২.০ৰ লক্ষ্য হৈছে ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো ১৯.৩৬ মিলিয়ন গ্ৰাম্য পৰিয়ালক নলৰ পানী যোগান ধৰা।
কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে যে এই পৰ্যন্ত ১২খন ৰাজ্যই সংস্কাৰ ভিত্তিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই অভিযানৰ অধীনত কাৰ্য্যকৰী আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা হোৱাৰ পিছতহে গাঁও পঞ্চায়তসমূহক হৰ ঘৰ জল ঘোষণা কৰা হ'ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া