মহাবীৰ জয়ন্তীৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন, পঞ্চশীল নীতি গ্ৰহণৰ আহ্বান
নতুন দিল্লী, ৩০ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তীৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ভগৱান মহাবীৰৰ অহিংসা, সত্য, অচৌৰ্য্য বা অস্তেয়, ব্ৰহ্মচাৰ্য, অপৰিগ্ৰহ নীতিয়ে আমাক জীৱনৰ সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে বুলি
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)।


নতুন দিল্লী, ৩০ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তীৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ভগৱান মহাবীৰৰ অহিংসা, সত্য, অচৌৰ্য্য বা অস্তেয়, ব্ৰহ্মচাৰ্য, অপৰিগ্ৰহ নীতিয়ে আমাক জীৱনৰ সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে বুলিও তেওঁ কয়।

ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতিয়ে কয় যে এই নীতিসমূহ গ্ৰহণ কৰি আমি আমাৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰো আৰু সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰো। ভগৱান মহাবীৰে সমাজত প্ৰচলিত দুষ্টতাৰ বিৰুদ্ধে মাত মাতিছিল আৰু মানুহক উন্নত জীৱনৰ পথ দেখুৱাইছিল। তেওঁৰ শিক্ষা সদায় প্ৰাসংগিক হৈ থাকিব আৰু আমাক পথ প্ৰদৰ্শন কৰি থাকিব। মহাবীৰ জয়ন্তী কেৱল ধৰ্মীয় উৎসৱ নহয় বৰঞ্চ সমাজত শান্তি, সত্য, সদিচ্ছাৰ মূল্যবোধৰ বীজ সিঁচিবলৈও এক সুযোগ। ভগৱান মহাবীৰৰ জীৱনে এই বাৰ্তা দিছিল যে হিংসা আৰু অসত্যৰ পৰা আঁতৰি থাকিলেহে আমি এখন ন্যায়সংগত আৰু সুষম সমাজ গঢ়িব পাৰিম।

তেওঁ কয় যে আজিৰ সময়ত যেতিয়া বিশ্বই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেতিয়া ভগৱান মহাবীৰৰ নীতি আৰু অধিক প্ৰাসংগিক হৈ পৰে। অহিংসা আৰু সত্যৰ পথ অনুসৰণ কৰি আমি আমাৰ জীৱনটোক সাৰ্থক কৰি তোলাই নহয় জাতিৰ প্ৰগতিত অৰিহণা যোগাব পাৰো।

তেওঁৰ বাৰ্তাসমূহ আমাৰ জীৱনত গ্ৰহণ কৰাৰ সংকল্প ল’বলৈ আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ ৰাষ্ট্ৰপতিয়ে আমাৰ সকলোকে আহ্বান জনায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande