কেৰালা, অসম আৰু পুডুচেৰীত ২.৩৭ লাখ প্ৰতিবন্ধী আৰু জ্যেষ্ঠ ভোটাৰে ঘৰৰ পৰাই দিব ভোট
নতুন দিল্লী, ৩০ মাৰ্চ (হি.স.)। নিৰ্বাচন আয়োগে ৮৫ বছৰৰ ওপৰৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম লোকসকলক বেলট পেপাৰৰ জৰিয়তে ঘৰৰ পৰাই ভোটদানৰ ব্যৱস্থা কৰে। এতিয়ালৈকে কেৰালা, অসম, পুডুচেৰীৰ ২.৩৭ লাখ যোগ্য ভোটাৰে এই সুবিধাৰ বাবে আবেদন কৰিছে। এই ৰাজ্যসমূহত ৯ এপ
चुनाव आयोग (फाइल फोटो)


নতুন দিল্লী, ৩০ মাৰ্চ (হি.স.)। নিৰ্বাচন আয়োগে ৮৫ বছৰৰ ওপৰৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম লোকসকলক বেলট পেপাৰৰ জৰিয়তে ঘৰৰ পৰাই ভোটদানৰ ব্যৱস্থা কৰে। এতিয়ালৈকে কেৰালা, অসম, পুডুচেৰীৰ ২.৩৭ লাখ যোগ্য ভোটাৰে এই সুবিধাৰ বাবে আবেদন কৰিছে। এই ৰাজ্যসমূহত ৯ এপ্ৰিলত ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে।

সোমবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি কেৰালাৰ ১.৪৫ লাখ জ্যেষ্ঠ আৰু প্ৰতিবন্ধী ভোটাৰে, অসমৰ ১৯ হাজাৰ, পুডুচেৰীত ২০০০ৰো অধিক ভোটাৰে এই সুবিধাৰ বাবে আবেদন কৰিছে। আবেদন কৰাসকলৰ ভিতৰত ১.৬৭ লাখ জ্যেষ্ঠ নাগৰিক (৫৩.৫ শতাংশ) আৰু ৭০ হাজাৰৰো অধিক প্ৰতিবন্ধী ভোটাৰ (১৫.২২ শতাংশ)।

এই সকলো ভোটাৰক আয়োগে অৱগত কৰিব যেতিয়া ভোটগ্ৰহণকাৰীয়ে ৰাজনৈতিক প্ৰতিনিধিৰ সৈতে তেওঁলোকৰ ঘৰলৈ গৈ ভোটদান কৰিব। এই প্ৰক্ৰিয়া ৫ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব।সমগ্ৰ প্ৰক্ৰিয়াটো আয়োগে ভিডিঅ’ টেপ কৰিছে। সুবিধাৰ বাবে এনে ভোটাৰে অধিসূচনা জাৰি কৰাৰ পাঁচ দিনৰ ভিতৰত নিজ নিজ ৰিটাৰ্নিং বিষয়াৰ ওচৰত আবেদন কৰিব লাগিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande