শীৰ্ষ দহটা কোম্পানীৰ সাতটা কোম্পানীৰ মাৰ্কেট কেপ ১.৭৫ লাখ কোটি টকা হ্ৰাস, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৰ্বাধিক লোকচান
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। বিগত ব্যৱসায়িক সপ্তাহটোত ঘৰুৱা শ্বেয়াৰ বজাৰত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ ভিতৰত সাতটা কোম্পানীৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে তিনিটাৰ বজাৰ মূল্য বৃদ্ধি পাইছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসা
प्रतीकात्मक


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। বিগত ব্যৱসায়িক সপ্তাহটোত ঘৰুৱা শ্বেয়াৰ বজাৰত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ ভিতৰত সাতটা কোম্পানীৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে তিনিটাৰ বজাৰ মূল্য বৃদ্ধি পাইছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত এই শীৰ্ষ দহটা কোম্পানীসমূহৰ ভিতৰত সাতটা কোম্পানীৰ মাৰ্কেট কেপ ১.৭৫ লাখ কোটি ₹তকৈ অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৰ্বাধিক লোকচান হোৱাৰ বিপৰীতে লোকচানৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে এইচ ডি এফ চি বেংক।

আনহাতে, যোৱা সপ্তাহৰ ব্যৱসায়ৰ পিছত শীৰ্ষ ১০টা মূল্যৱান কোম্পানীত থকা বাকী তিনিটা কোম্পানীৰ মাৰ্কেট কেপ ৩২,০০০ কোটি ₹তকৈ অধিক বৃদ্ধি পাইছে। লাৰ্ছন এণ্ড টৌব্ৰ’ই সৰ্বাধিক লাভৰ বিপৰীতে লাভৰ ক্ষেত্ৰত বাজাজ ফাইনেন্সে দ্বিতীয় স্থান লাভ কৰে। যোৱা সপ্তাহৰ অস্থিৰতাৰ বাবে ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীসমূহৰ তালিকাৰ পৰা আঁতৰি যোৱাৰ বিপৰীতে লাৰ্চেন এণ্ড টৌব্ৰ’ই তালিকাত নিজৰ স্থান পুনৰ লাভ কৰে।

এই সপ্তাহৰ ব্যৱসায়ৰ পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচডিএফচি বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), আইচিআইচিআই বেংক, ভাৰতী এয়াৰটেল, হিন্দুস্তান ইউনিলিভাৰ আৰু টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ১,৭৫,৩৩২.৯৭ কোটি টকা হ্ৰাস পাইছে। আনহাতে, লাৰ্চেন এণ্ড টৌব্ৰ’, বাজাজ ফাইনেন্স, আৰু ইনফ’ছিছৰ মাৰ্কেট কেপ ৩২,৯৭৭.৩৪ কোটি টকা বৃদ্ধি পাইছে।

১৬ মাৰ্চৰ পৰা ২০ মাৰ্চৰ ভিতৰত ব্যৱসায়িক সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্য ৮৯,৭২০.৩০ কোটি টকা হ্ৰাস পাই ১৮,২৪,৫১৫.৬২ কোটি টকা হৈছে। একেদৰে এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ৩৭,২৪৮.৫৯ কোটি টকা হ্ৰাস পাই ১১,৬৪,০১৮.৬৯ কোটি টকা হয়। ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৩৫,৩৯৯.৪২ কোটি টকা হ্ৰাস পাই ৯,৪১,৫৬৯.১৫ কোটি টকা হয়। একেদৰে আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৮,১২১.৭৬ কোটি টকা হ্ৰাস পাই ৮,৮৩,৫৫১.৩০ কোটি, ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ২,৪৮০.৪২ কোটি টকা হ্ৰাস পাই ১০,৫০,৪১৩.৩৩ কোটি, হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ২,০৯১.১৩ টকা হ্ৰাস পাইছে কোটি টকা আৰু ৪,৮৭,৫৪০.১৯ কোটি টকা আৰু টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ২৭১.৩৫ কোটি টকা হ্ৰাস পাই ৮,৬৪,৬৬৮.৬৫ কোটি টকা হয়।

আনহাতে, লাৰ্চেন এণ্ড টৌব্ৰ’ৰ মাৰ্কেট কেপ ১৮,০৫১.৬৮ কোটি টকা বৃদ্ধি পাই ৪,৯০,৫৩৬.১৯ কোটি টকা হৈছে। একেদৰে বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৮,৬৮০.৩৬ কোটি টকা বৃদ্ধি পাই ৫,২৫,৩৯৫.৪৮ কোটি টকা আৰু ইনফ’ছিছৰ মাৰ্কেট কেপ ৬,২৪৫.৩০ কোটি টকা বৃদ্ধি পাই ৫,১৫,০৩৪.৬৭ কোটি টকা হয়।মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৮,২৪,৫১৫.৬২ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচনেৰে দেশৰ সৰ্বাধিক মাৰ্কেট কেপ থকা কোম্পানী হৈয়েই আছে। ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১১,৬৪,০১৮.৬৯ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১০,৫০,৪১৩.৩৩ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৯,৪১,৫৬৯.১৫ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ৮,৮৩,৫৫১.৩০ কোটি টকা), টি চি এছ (মুঠ বজাৰ মূল্য ৮,৬৪,৬৬৮.৬৫ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,২৫,৩৯৫.৪৮ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৫,১৫,০৩৪.৬৭ কোটি টকা), লাৰ্চেন এণ্ড টৌব্ৰ’ (মুঠ বজাৰ মূল্য ৪,৯০,৫৩৬.১৯ কোটি টকা) আৰু হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৪,৮৭,৫৪০.১৯ কোটি)ল সৈতে শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande