
তিনিচুকিয়া, ২৯মাৰ্চ (হি.স.)। লিডু আৰক্ষী চকীৰ অন্তৰ্গত লেখাপানীৰ শালিকী বৰ্মাকেম্পত উদ্ধাৰ দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড বোমা । শালিকী বৰ্মাকেম্পৰ নিবাসী চন্টু মুড়া নামৰ ব্যক্তি জনৰ ঘৰৰ পিছফালে লেট্ৰিনৰ গাঁত খান্দি থকা অৱস্থাত উদ্ধাৰ হয় বোমাটো ।দ্বিতীয় বিশ্ব যুদ্ধৰ বুলি সন্দেহ কৰা হৈছে বোমাটো দীঘলে ডেৰ ফুট , প্ৰায় ৮ কেজি ওজনৰ বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
লিডু আৰক্ষীয়ে ঘটনা স্থলিত উপস্থিত হৈ বোমাটো নিৰিক্ষণ কৰি গাঁওৰক্ষী বাহিনীক দায়ীত্ব অৰ্পণ কৰে। অৱশ্যে ইয়াৰ বহু সময় পিছতহে ঘটনাস্থলীত সেনাৰ এটা বোম নিস্ক্ৰিয়কৰন দল উপস্থিত হই বোমাটো নিজৰ জিম্মাত লৈ পৰীক্ষা নিৰিক্ষা কৰি পিছত জনবসতী হীন অঞ্চলত বিস্ফোৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু