
হোজাই, ২৯ মাৰ্চ (হি.স.)। চাৰিদিন ধৰি পোৱা নাই ৰন্ধন গেছ। গেছ বিচাৰি হাহাকাৰ কৰিছে জনতাই। গেছৰ গুদামত ওলমিছে তলা। ডবকাত বৃদ্ধি পাইছে ৰন্ধন গেছৰ নাটনি। পূৱতি নিশা ৪ বজাৰ পৰা শাৰী পাতিও ৰন্ধন গেছ পোৱা নাই গৃহিনীয়ে৷ চাৰি পাঁচ দিনৰে পৰা দৈনিক আহি এজেন্চিৰ সন্মূখত শাৰী পাতিও বিফল হয় গ্ৰাহক সকল৷
ডবকাৰ ভাৰত গেছ এজেন্চিৰ গুদামৰ সন্মূখতে পুৱতি নিশাৰ পৰা শ শ গ্ৰাহকৰ শাৰী৷ বৰষুণত তিতি বুৰি শাৰী পাতিছে বহুতে৷ গেছৰ গুদামত তলা ওলোমাই থৈছে কৰ্তৃপক্ষই। যাব বাবে ক্ষোভ উজাৰিছে এইসকল জনতাই
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা